বঙাইগাঁৱৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোলাইগাঁও উজান পাৰাত দেওবাৰে দিনৰ ভাগত এক চুৰিকাণ্ড সংঘটিত হয় ৷ দোলাইগাঁও উজান পাৰাৰ ওৱাছি আহমেদৰ গৃহত সংঘটিত হয় এই চুৰিকাণ্ড৷ উল্লেখ্য যে দেওবাৰৰ দুপৰীয়া ১ বজাত ওৱাছি আহমেদে পৰিয়ালসহ তেওঁৰ আত্মীয়ৰ গৃহত বিয়া খাবলৈ যায় আৰু ঘূৰি আহে বিয়লি চাৰি বজাত ৷ লোকজনে ঘৰত প্ৰৱেশ কৰি তেওঁৰ বয়-বস্তু লণ্ড-ভণ্ড হৈ থকা প্ৰত্যক্ষ কৰে৷ ঘৰত লোক নথকাৰ পূৰ্ণ সুযোগ লৈ চোৰে তেওঁৰ ঘৰৰ খিৰিকী ভাঙি প্ৰৱেশ কৰি নগদ পছাত্তৰ হাজাৰ ( ৭৫ হাজাৰ) টকা আৰু প্ৰায় এক লাখ চৈধ্য হেজাৰ টকা মূল্যৰ সোণৰ গহনা লুট কৰি নিয়ে বুলি উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত প্ৰদান কৰা এজাহাৰত প্ৰকাশ ৷আশ্বাৰ্যৰ বিষয় যে বঙাইগাঁও আৰক্ষী নিৱেশৰ নিচেই কাষৰ দোলাইগাঁও উজানপাৰাত দিনৰ পোহৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমৰ মুছলিম সম্প্ৰদায়ৰ ভোটাৰৰ আস্থা লোকসভাত তুলনামূলকভাৱে মুখ্যমন্ত্ৰীৰ প্ৰতি বৃদ্ধিঃ মিডিয়া মেনেজমেন্ট এণ্ড ৰিচাৰ্ছ এচ’ ছিয়েচ’নৰ জৰীপত প্রকাশ…
- সন্তানক মানুহ বনাওক, নহ’লে আপোনাক অনাথ আশ্ৰমত ৰাখিব!
- ৰাহুল গান্ধীক পাকৈত দবা খেলুৱৈ বুলি কোৱাৰ পিছতে বিশ্বশ্ৰেষ্ঠ দবাৰু কাস্পাৰোভে ক’লে ‘প্ৰথমে ৰায়বৰেলীত জিকক, তাৰ পিছত…’
- চতিয়াৰ পথ দুৰ্ঘটনাত নিহত চালকজন ৰৌতাৰ নাছিৰ আলি বুলি আৰক্ষীৰ চিনাক্ত…
- অন্ত পৰিল বৃহৎ পতনৰ সৈতে শ্বেয়াৰ বজাৰৰ সপ্তাহ…
- আমেথিৰ সলনি কিয় বাছি ল’লে ৰায়বৰেলী? বিজেপিৰ সমালোচনাৰ মাজতে মুখ খুলিলে ৰাহুল গান্ধীয়ে…
- খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গ্ৰেপ্তাৰ ৩ ভাৰতীয় নাগৰিক…
- অসমৰ ১ লাখ ৰাইজক লৈ যাম ৰাম মন্দিৰ দেখুৱাবৰ বাবেঃ মুখ্যমন্ত্ৰী
- কোনোবা কালু, কোনোবা আলু, কোনোবা পাপ্পু! বলীউডৰ পৰিচিত তাৰকাসকলৰ অচিনাকি নাম, ঘৰত কাক, কি বুলি মাতে…
- জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত বায়ুসেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ৫গৰাকী জোৱান…