Roi Roi Binale: অভিলেখৰ বাবে ৰৈ নাথাকিল ‘ৰৈ ৰৈ বিনালে’…

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ (Roi Roi Binale) হেঁপাহৰ ছবি ‘ৰৈ ৰৈ বিনালে’ই অভিলেখ গঢ়িলে মুক্তিৰ প্ৰথম দিনটোতে৷ অসমীয়া ছবি জগতৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই ছবি খনে প্ৰথম দিনাই উপাৰ্জন কৰিলে কোটি টকাৰ ঘৰত ধন৷ জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ ৩১ অক্টোবৰত মুক্তিলাভ কৰিছিল৷ মুক্তি পাছতে অভিলেখৰ জোৱাৰ তোলে ছবিখনে৷

প্ৰথমবাৰৰ বাবে ৰাজ্যত পুৱা ৪.২৫ বজাৰ পৰা আৰম্ভ হ’ল দৰ্শনী৷ লক্ষ্যণীয় কথাটো হল সৰ্বকালৰ অভিলেখ ভংগ কৰি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা ৷সামাজিক মাধ্যমযোগে ৰৈ ৰৈ বিনালে টীমে প্ৰকাশ কৰে পৰিসংখ্যা সামাজিক মাধ্যমত এক পোষ্ট দি টীমে কয়, ‘ৰৈ ৰৈ বিনালেৰ প্ৰথম দিনটোৰ সৰ্বমুঠ উপাৰ্জন আছিল ২ কোটি ৫২ লাখ টকা৷ এই পৰিসংখ্যা প্ৰকাশ কৰাৰ লগতে আমি বিনয়েৰে আপোনালোকক জনাব বিচাৰিছোঁ – দৈনিক উপাৰ্জনৰ পৰিসংখ্যা প্ৰকাশ কৰাৰ পৰিৱেশ এতিয়া যিহেতু নাই, ছবিখন মুক্তিৰ এমাহৰ পাছত প্ৰযোজক গোষ্ঠীয়ে অনাগত দিনকেইটাৰ সৰ্বমুঠ তথ্য ৰাজহুৱা কৰিব৷ আশা কৰোঁ, পাইৰেচীৰ নিজেও বিৰোধ কৰি আনকো পাইৰেচীৰ আশ্ৰয় লোৱাৰ পৰা আঁতৰাই ৰাখি এইদৰেই আকুল মৰমেৰে আপোনালোকে ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শক হ’বহি৷’

আনহাতে ছবিখনে দুদিনত উফাৰ্জন কৰিলে ৫.৪০ কোটি টকা। ছবিখনৰ মুক্তিৰ চতুৰ্থ দিনটোতো দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মিজোৰাম, অৰুণাচল আদিতো দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে৷ নাহৰলগুন, পাচিঘাট, দিৰাং, জিৰ’ আদিৰ ছবিগৃহসমূহত প্ৰতিটো দৰ্শনীতে এতিয়া হাউচ ফুল হৈ আছে৷ আনহাতে জানিব পৰা অনুসৰি ১৫ নৱেম্বৰৰ পৰা বিদেশতো মুক্তি লাভ কৰিব ‘ৰৈ ৰৈ বিনালে’৷ ইতিমধ্যে ছিডনীৰ ছবিগৃহত হাউচফুল হোৱাৰ দিশে গতি কৰিছে বুলি জানিব পৰা গৈছে৷

Related Articles