মাজুলীৰ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত অহা ১৫ , ১৬ আৰু ১৭ মাৰ্চ (১ , ২ আৰু ৩ চ’ত)ত তিনি দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী বিষ্ণু মহাযজ্ঞৰ আয়োজন কৰা হৈছে ৷ গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী যুৱক কল্যাণ সংঘৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত বিশ্ব শান্তিৰ বাবে আয়োজন কৰা বিষ্ণু মহাযজ্ঞৰ বাবে মণ্ডপৰ লাইখুঁটা ২১ ফেব্ৰুৱাৰীত বংশীগোপাল নাট্য মন্দিৰৰ প্ৰাংগনত আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয় ৷ এই উপলক্ষে দিনৰ ১২ বজাত আধ্যাত্মিক অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে গঠন কৰা উদ্যাপন সমিতিৰ সভাপতি তথা সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী , কাৰ্যকৰী সভাপতি কৃষ্ণ গোস্বামীৰ লগতে উদ্যাপন সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত আইতীৰ উৰুলি , ডবা-শংখ ধ্বনিৰ মাজেৰে লাইখুঁটা স্থাপন কৰা হয় ৷ দেশৰ মংগলৰ বাবে আয়োজন কৰা আধ্যাত্মিক অনুষ্ঠান ভাগিত অসমৰ বিভিন্ন প্ৰান্তত থকা সত্ৰৰ শিষ্য-প্ৰশিষ্য তথা ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…
- ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…
- বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…