বৰপেটাৰোডৰ বাবে সুনাম কঢ়িয়াই আনিলে বৰপেটা ৰোডৰ সুসন্তান কবি তথা সাংবাদিক সমীৰ চক্ৰৱৰ্তী । অসম বঙ্গ সম্প্ৰীতি মন্মানেৰে ভূষিত হ’ল বৰপেটা ৰোডৰ সাংবাদিক তথা কবি সমীৰ চক্ৰৱৰ্তী ২০ ফেব্ৰুৱাৰীত পশ্চিমবঙ্গৰ বোলপুৰত শান্তিনিকেতনস্থিত গীতাঞ্জলি কমপ্লেক্সৰ শান্তিদেব প্ৰেক্ষাগৃহে অসমৰ কৃষ্টিপথাৰ সাহিত্য, সামাজিক, সাংস্কৃতিক কেন্দ্ৰ আৰু কলকাতাৰ আনন্দমুখৰ সাহিত্য পৰিষদৰ যৌথ উদ্যোগত অনুষ্ঠিত ‘অসম বঙ্গ মৈত্ৰী সন্মিলন’ সাংবাদিক তথা কবি সমীৰ চক্ৰৱৰ্তী হাতত ‘অসম সম্প্ৰীতি সন্মান’ বঁটা তুলি দিয়ে পশ্চিমবঙ্গৰ বিশিষ্ট সাহিত্যিক তথা লেখক পৃথ্বীৰাজ সেন। উল্লেখ্য যে তেওঁ ছার্ক কালচাৰাল ফোৰামৰ আন্তর্জাতিক সাহিত্য-সাংস্কৃতিক উৎসৱত “সপ্তডিঙা বটাঁ”, ৰাষ্ট্ৰীয় কবি সঙ্গমৰ তৰফৰ পৰা’শব্দ ৰত্নাকৰ সম্মান’,অচেনা অতিথি সাহিত্য পত্ৰিকা গোষ্ঠীৰ পৰা’ সৰ্বভাৰতীয় সাহিত্য সন্মান’,যুথিকা পত্ৰিকা গোষ্ঠীৰ উদ্যোগত ভাৰত- বাংলাদেশ মৈত্ৰী আন্তৰ্জাতিক কবিতা উৎসৱ সম্বৰ্দ্ধিত, অকণি সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা কবি হিচাপে সংবৰ্দ্ধিত,যুথিকা সাহিত্য পত্ৰিকা গোষ্ঠীৰ পৰা'”হাইকু প্ৰভাকৰ” উপাধিৰে ভূষিত,গণ চাবুক পত্ৰিকা গোষ্ঠীৰ পৰা ” ‘বিপিন চক্ৰৱৰ্তী স্মৃতি বঁটা”, মাইকেল মধুসূদন একাডেমীৰ পৰা” “সত্যেন্দ্ৰনাথ নাথ স্মৃতি বঁটা”, আন্তৰ্জাতিক বাংলা সাহিত্য ও সাংস্কৃতিক পৰিষদৰ পৰা ” ৰাজা ৰামমোহন ৰায় স্মৃতি বঁটা”, মাইকেল মধুসূদন একাডেমীৰ পৰা” মাইকেল মধুসূদন দত্ত স্মৃতি বঁটা”, সৃষ্টিৰ পদাতিক পত্ৰিকা গোষ্ঠীৰ পৰা” কাব্য শ্ৰী” উপাধি প্ৰদান, বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম সেনাৰ উদ্যোগত বহাগী উৎসৱত সাহিত্য তথা সাংবাদিক হিচাপে সংবৰ্দ্ধিত। উল্লেখ্য যে কবি চক্ৰৱৰ্তী কবিতা প্ৰবন্ধ ইতিমধ্যে অসম তথা অসমৰ বাহিৰত বহু পত্ৰ- পত্ৰিকাত প্ৰকাশ পাইছে। কবি চক্ৰৱৰ্তী তিনিটা কবিতা পুথি প্ৰকাশ পোৱা লগতে এটি প্ৰবন্ধ সংকলন আৰু এটি অনুবাদ উপন্যাস প্ৰকাশৰ পথত। কবি চক্ৰৱৰ্তী সাংবাদিক হিচাপে কৰ্মজীৱন নিৰ্বাহ কৰিছে যদিও তেওঁ বৰপেটা ৰোড শাখা সাহিত্য সভাৰ গ্ৰন্থাগাৰৰ দায়িত্বত আছিল। কবি চক্ৰৱৰ্তী লেখা মেলাৰ উপৰিও এজন ভাল অভিনেতা, কাৰন তেওঁ ইতিমধ্যে কেইবাখনো নাটক অভিনেতা হিচাপে অভিনয় কৰিছে। কবি তথা সাংবাদিক চক্ৰৱৰ্তী এই সন্মানেৰে বিভূষিত হোৱাৰ বাবে বৰপেটাৰোড শাখা সাহিত্য সভাৰ সভাপতি হিতেশ দাস, ৰোডৰ অন্যতম সাহিত্য পত্ৰিকা” মানাহ দৰ্পণ” ৰ সভাপতি জিতেন নাথ, বৰপেটা জিলা অসমীয়া সাহিত্য সভাৰ উপ-সভানেত্ৰী লক্ষ্মী পাঠক , কেন্দ্ৰীয় ৰবীন্দ্ৰ স্মৃতি মঞ্চেৰ সভাপতি ডক্টৰ মানিক লাল ভৌমিক, কেন্দ্ৰীয় নেতাজী সুভাষ বসু ভাৱনা মঞ্চেৰ সভাপতি প্ৰদীপল দেবনাথ, বৰপেটা ৰোড কবি চক্ৰেৰ সভাপতি বানেশ্বৰ চ্যাটাজী, স্বামী বিবেকানন্দ ভাব দৰ্শন কেন্দ্ৰেৰ সম্পাদক চিন্ময় বাগচী, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰপেটা জিলাৰ প্ৰাক্তন সংযোজক ৰাজু সুত্ৰধাৰ , ‘বৰপেটাৰোড এক্সপ্ৰেছেৰ’ এডমিন সাংবাদিক জয়ন্ত কুমাৰ দাস, সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ বৰপেটা জিলাৰ সভাপতি সুকুমাৰ দেবনাথ, , এস এফ আইৰ বৰপেটা জিলাৰ যুগ্ম সম্পাদক বিট্টু সুত্ৰধাৰ , ‘ নুপুৰ’ সংগীত একাডেমীৰ অধ্যক্ষ মিনু সামন্ত সৰকাৰ, এন এস ইউ আইৰ সৰভোগ সমষ্টি শাখা সাধাৰণ সম্পাদক ইমৰান হুছেইন, বাক্সাৰ ‘স্বামী বিবেকানন্দ যুব সমিতি’ এনজিওৰ সভাপতি সুশীল সৰকাৰ ও ইন্টাৰন্যাশনাল কাউন্সিল ফৰ হিউম্যান এন্ড ফান্ডামেন্টাল ৰাইটসেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য শেখৰ সাহা প্ৰমুখ্য ব্যক্তি সকল আন্তৰিক অভিনন্দন জনাইছে। তেওঁ লোকে কবি তথা সাংবাদিক চক্ৰৱৰ্তীৰ সাহিত্য সাধনাৰ উন্নতি কামনা কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…
- কেতিয়া আৰু কিমান সময় ৰ’দত থাকিলে লাভ কৰিব ভিটামিন ডি…
- আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই বাবেই ৰাহুলে বাছি লৈছে ৰায়বৰেলী সমষ্টি, মোদীৰ কটাক্ষ…
- সেই বাঁহীৰ সুৰ ক’তনো হেৰাই থাকিল…
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…