সদ্য বিজেপি (Rajen Gohain) ত্যাগী গেৰুৱা দলৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহায়ে বুধবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে৷ এজেপিত যোগদান কৰিয়েই বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰি গোঁহাই৷গোঁহাইয়ে বিজেপি চৰকাৰে অসমত একনায়কত্ববাদী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ উল্লেখ্য ৪ বাৰকৈ তেওঁ বিজেপিৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল লোকসভালৈ৷ ১৯৯৯ চনত তেওঁ নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰ নিৰ্বাচিত হৈছিল সাংসদ হিচাপে৷ তাৰ পাছত ক্ৰমান্বয়ে ২০০৪, ২০০৯ আৰু ২০১৪ চনত তেওঁ সাংসদ নিৰ্বাচিত হৈছিল৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত ৰেল বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছিল ৰাজেন গোঁহায়ে৷ কিন্তু ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছৰ পৰা দলত যেন স্থান হেৰুৱাবলৈ ধৰে জ্যেষ্ঠ নেতাগৰাকীয়ে৷ ২০১৯ চনত তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হয়৷ একেদৰে ২০২৪ তো তেওঁ দলৰ টিকট লাভ নকৰিলে৷ দলৰ মঞ্চত ক্ৰমান্বয়ে এলাগী হৈ পৰা ৰাজেন গোঁহায়ে অৱশেষত যোৱা অক্টোবৰ মাহত বিজেপি ত্যাগ কৰে৷ আজি বুধবাৰে তেওঁ ৰাজনৈতিক যাত্ৰা এক নতুন অধ্যায় আৰম্ভ কৰি যোগ দিয়ে অসম জাতীয় পৰিষদত৷
বিজেপিত থকাৰ অৱস্থাতো দলৰ একাংশ নেতা বিশেষকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত হৰ্তা-কৰ্তা বিধাতা হৈ পৰা নেতাৰ বিৰুদ্ধে মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছিল ৰাজেন গোঁহায়ে৷ আজি অজাপত যোগদান কৰাৰ পাছত তেওঁৰ পূৰ্বৰ দল বিজেপিৰ বিৰুদ্ধে পুনৰ সোঁচ্ছাৰ হৈ পৰে বৰ্ষীয়ান নেতাগৰাকী৷ তেওঁ অভিযোগ কৰে যে বিজেপি চৰকাৰে অসমক ‘পুলিচ শাসিত’ ৰাজ্যত পৰিণত কৰিছে আৰু ‘হিটলাৰৰ দৰে’ স্বৈৰাচাৰী শাসন চলাইছে৷ নিজৰ কণ্ঠ আৰু স্বায়ত্তশাসন হেৰুৱাই অসমৰ জনসাধাৰণে কাৰ্যকৰীভাৱে ৰাজ্যৰ নিয়ন্ত্ৰণ দিল্লীৰ হাতত অৰ্পণ কৰিছে বুলিও কয় প্ৰবীণ নেতাগৰাকীয়ে৷ ‘মই বহু জাতীয় দলৰ শাসন দেখিছোঁ, এনে লাগে যেন আমি নিজৰ ৰাজ্য দিল্লীৰ হাতত গতাই দিছো৷’ অসমৰ সামাজিক তন্ত্ৰক শক্তিশালী কৰাৰ পৰিৱৰ্তে বিজেপি নিজৰ ‘বৃহত্তম শত্ৰু’ হৈ পৰিছে বুলি উল্লেখ কৰি গোহাঁইয়ে কয়৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ সমন্বিতে নেতা-কৰ্মীসকলে ৰাজেন গোঁহাইক দললৈ আদৰণি জনায়৷ বিজেপি চৰকাৰে একনায়কত্ববাদী শৈলীৰ কাম-কাজ জাপি দিয়া বুলি গোহাঁয়ে আক্ষেপ প্ৰকাশ কৰে৷ ‘সমগ্ৰ প্ৰশাসন যন্ত্ৰটো বিজেপিয়ে নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে৷’ তেওঁ অভিযোগ কৰে৷
প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বিষয়ে উল্লেখ কৰি গোহাঁয়ে কয়, ‘জুবিনে কৈছিল অসমৰ পথাৰ আৰু বজাৰ আমাৰ হাতলৈ আহিব লাগিব৷ আমি তেওঁৰ আদৰ্শৰে আগবাঢ়ি যাম৷ কোনো সম্প্ৰদায়ে পথাৰ পৰিত্যাগ কৰি আগবাঢ়িব নোৱাৰে৷’ জাতীয় সংগঠনসমূহে অসমৰ মাটি আৰু সম্পদৰ ওপৰত বাহিৰৰ লোকক নিয়ন্ত্ৰণ কৰিবলৈ দিয়াৰ অভিযোগ উত্থাপন কৰে ৰাজেন গোঁহায়ে৷ কংগ্ৰেছৰ সৈতে মতানৈক্য প্ৰকাশ কৰিলেও গোহাঁইয়ে কয় যে তেওঁ ‘সময়ৰ আহ৩ানৰ প্ৰতি সন্মান জনাই’ মিত্ৰতাৰ বাবে আগ্ৰহী৷ ‘কংগ্ৰেছৰ সকলো বেয়া নহয়, কংগ্ৰেছত বেয়া কাম কৰাসকলে এতিয়া বিজেপিক নেতৃত্ব দিছে৷’ গোঁহায়ে মন্তব্য কৰে৷ গোঁহাইৰ বিজেপি ত্যাগে গেৰুৱা দলক ক্ষতি কৰিব বুলিও বহুতে আলোচনা কৰিছে৷

