বলীউড উদ্যোগৰ পৰা আহিছে এক সুন্দৰ খবৰ। (Vicky Kaushal Katrina Kaif) বিকি কৌশল আৰু কেটৰিনা কাইফ পিতৃ-মাতৃ হ’ল। এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হ’ল বিকি কৌশল আৰু কেটৰিণা কাইফ। ৪২ বছৰ বয়সত পুত্ৰ সন্তানৰ মাতৃ হ’ল কেটৰিণা কাইফ।
বিকি কৌশল আৰু কেটৰিনা কাইফে যথেষ্ট পলমকৈ গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল যদিও সময়মতে শিশুটিৰ আগমনৰ খবৰ দিছে। এই সুখবৰটো ফেচবুকৰ জৰিয়তে জনাই বিকি-কেটে।
অনুৰাগীয়ে শুভেচ্ছাৰে জনাই দুয়োকে। কেৱল অনুৰাগীয়েই নহয়, ছবি জগতৰ বন্ধুসকলেও দম্পতীক অভিনন্দন প্ৰেৰণ কৰিছে।
অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ভিকি আৰু কেটৰিনাৰ কেঁচুৱাৰ মুখখন চাবলৈ। সকলোৱে কেঁচুৱাটিক মৰম দিছে আৰু ভিকিও পিতৃ হ’বলৈ পাই অতি সুখী।

