৫ নৱেম্বৰ (Rash mahotsav) বুধবাৰে বৃহত্তৰ মহামগৰী শিল্পী সমাজৰ উদ্যোগত প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত গৌৰৱোজ্জ্বল অষ্টম বৰ্ষৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদ্যাপন কৰা হয়৷ বৃহত্তৰ শিল্পী সমাজে শ্ৰীশ্ৰীকৃষ্ণ প্ৰভুৰ মুখৰ ভাষা ব্ৰজাৱলী ভাষাতেই যোৱা আঠ বছৰ ধৰি সম্পূৰ্ণ ৰাসখন অনুষ্ঠিত কৰি আহিছে৷ নৱপ্ৰজন্মক গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰ লগত চিনাকী কৰাই ভৱিষ্যতৰ আদৰ্শ গঢ়ি তোলাৰ এক উত্তম প্ৰয়াস শিল্পী সমাজৰ এই ৰাসলীলা প্ৰদৰ্শন৷ ৰাসলীলাৰ লগত সংগতি ৰাখি পুৱা পাঁচ বজাত ঊষা কীৰ্তন কৰা হয়৷ আঠ বজাত ডঙ্ম হিতেশ বৰুৱাই বৃক্ষৰোপণ কাৰ্যসূচী উদ্বোধন কৰে৷

উপস্থিত থাকে সভাভতি বাবুল বৰা, জীৱনানন্দ হাজৰিকা আৰু দুৰ্লভ দাস৷ আবেলি চাৰি বজাত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ প্ৰতিচ্চৱিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পণ কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে শিল্পী সমাজৰ বৰ্তমান সভাপতি বাবুল বৰাই৷

উপস্থিত থাকে মাইনী মহন্ত, ড॰ সূৰ্য হাজৰিকা আৰু মীৰা বৰঠাকুৰ৷ আবেলি চ্ছ্ৰ.৩০ বজাত স্মৰণিকা ‘মুৰাৰী’ উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আৰু চামুগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা বিশ্বনাথ চাৰিআলি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তাৰানাথ মহন্ত৷ উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলক একোখনি ফুলাম গামোচা আৰু চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সন্ধিয়া ৬.৩০ কৃষ্ণৰ ৰাসলীলা উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সঞ্চালক ৰাহুল চন্দ্ৰ দাসে৷ প্ৰভু নাৰায়ণ আৰু লক্ষীদেৱীৰ অমৃত বচনেৰে আৰম্ভ হোৱা ৰাসলীলাখন৷

পৰ্যায়ক্ৰমে বাসুদেৱৰ গোকুল গমন, নন্দোৎসৱ, দধিমথন, প্ৰভাতী জাগৰণ, অঘাসুৰ বধ, বকাসুৰ বধ, কালিয় দমন আৰু কেলিগোপাল মঞ্চস্থবে সামৰা হয়৷ শিশু কৃষ্ণৰ পৰা মহাৰাসৰ কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰে যথাক্ৰমে জিষ্ণুৰাজ কাশ্যপ, নম্ৰতা কাশ্যপ, কৃষ্টিনা ডেকা, কস্তুৰী কাশ্যপ, কুণ্টল বেজবৰুৱা আৰু জ্ঞানেন কাশ্যপে৷ সম্পূৰ্ণ ৰাসখনৰ মুখ্য আহ্বায়ক চিন্তামণি বেজবৰুৱা, নাট পৰিচালক দিলীপ দাস, সহযোগী বিপাঞ্চী কাশ্যপ গগৈ, নৃত্য পৰিচালক জগত বাৰিক বৰবায়ন, কণ্ঠশিল্পী দিপালী মহন্ত বেজবৰুৱা, মনদ্বীপ মহন্ত আৰু তৃষ্ণা কলিতা৷ স্মৰণিকা ‘মুৰাৰী’ৰ সম্পাদক নৱ কুমাৰ গোস্বামী আৰু ৰুমী কলিতা৷ সম্পূৰ্ণ ব্ৰজাৱলী ভাষাত অনুষ্ঠিত ৰাসখনৰ আৰু অধিক প্ৰসাৰতাৰ বাবে আৰু লগতে এই ব্ৰজাৱলী ভাষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ মুখ্য সম্পাদক চিন্তামণি বেজবৰুৱাই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মুখ্য সঞ্চালক ৰাহুল চন্দ্ৰ দাসক অনুৰোধ জনায়৷

