পথৰ কাষত গৰু-ছাগলী এৰাল দিয়াসকল সাৱধান।
পথৰ কাষত গৰু-ছাগলী এৰাল দিলে হ’ব পাৰে জেল।
প্ৰতিখন ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গৰু এৰাল দিব নোৱাৰিব।
দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত।
পদপথত গৰু-ছাগলীৰ মুক্ত বিচৰণক লৈ কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়।
জৰিমণা ভৰিব পাৰে, নহ’লে জেল হ’ব পাৰে।
পোহনীয়া জীৱ-জন্তুক লৈ আহি গৈছে আইন।
মৌখিক ভাৱে এই নিদেৰ্শনা জাৰি কৰিছে।
নিদেৰ্শনা নামানিলে জগৰীয়া হ’ব চৰকাৰী বিষয়া কৰ্মাচাৰী।
গৰাকীবিহীন গৰু-ছাগলী পথৰ পৰাই লৈ যাব চৰকাৰে।
দেশৰ সকলো ৰাজ্য , কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই নিৰ্দেশ।
কেন্দ্ৰ-ৰাজ্য চৰকাৰ, NHAIক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
স্কুল, হাস্পটাল, বাছ আস্থান, ৰেল ষ্টেশ্যন, ষ্টেডিয়ামৰ পৰা কুকুৰ আঁতৰোৱাৰো নিৰ্দেশ।

