চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিলাখনৰ মাহমৰা, সোণাৰি আৰু মৰাণ নগৰৰ মাজেদি যোৱা ধোদৰ আলিত দিনকদিনে বৃদ্ধি পাইছে পথ দুর্ঘটনাৰ সংখ্যা । যানবাহন আইনক ভৰিৰে মােহাৰি চালকৰ কোনাে অনুজ্ঞাপত্ৰ নােহােৱা একাংশৰ মইমতালিৰ বাবে প্রতিদিনে সংঘটিত হবলৈ ধৰিছে দুর্ঘটনা । দুর্ঘটনাত যোৱা এটা মাহৰ ভিতৰতে কেবাজন লােকে মৃত্যুক আঁকোৱালি লৈছে আৰু কেইবাজনো লোক চিকিৎসাধীন হোৱাৰ বিপৰীতে বহুকেইজনে পংগুত্ব জীৱনক আঁকোৱালি লবলগীয়া হৈছে । জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত দুর্ঘটনা সমূহে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । দুর্ঘটনাৰ মূল কাৰণ তীব্র বেগত গাড়ী চলােৱা , যানবাহন আইনক বুঢ়া আঙুলি দেখুৱাই বিপৰীত দিশেৰে গাড়ী চলােৱা , যতে মন যায় তাতে গাড়ী পার্কিং কৰি ৰখা , চালকৰ অনুজ্ঞাপত্ৰ নথকাকৈ গাড়ী চলােৱা , ১৮ বছৰৰ তলৰ কণ কণ কিশােৰৰ গাড়ী চলােৱা , ডাম্পাৰৰ অবাধ চলন , দিনে – নিশাই ৫০ – ১০০ ডাম্পাৰ তীব্র বেগত ৰাজপথেৰে চলি থকা , পথৰ দুয়োকাষে অবৈধভাৱে দোকান বজাৰ বহুওৱা আদি ইত্যাদি । চৰকাৰৰ এটা বিয়াগােম পৰিবহণ বিভাগ থকাৰ পাছতাে যদি এই ধৰণে নীতি নিয়মক একাংশ লােকে বুঢ়া আঙুলি দেখুৱাই যি মন যায় তাকে কৰি আছে , যাৰ পৰিণতিত সংঘটিত হােৱা দুর্ঘটনাবােৰে – বহু লােকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । স্থানীয় ৰাইজে এই পথ দুর্ঘটনাসমূহৰ মূল কাৰণসমূহ নিয়ন্ত্রণ কৰি দুর্ঘটনাসমূহ হ্রাস কৰিবলৈ দাবী জনাই আহিছে যদিও বিয়াগােম পৰিবহণ বিভাগটোৱে দুৰ্ঘটনাৰ মূল কাৰণসমূহ নিয়ন্ত্রণ কৰিব নােৱাৰে । দিনে নিশাই জে চি বি ডাম্পাৰসমূহ চলি থকা , চালকৰ অনুজ্ঞাপত্ৰ নথকা কম বয়সীয়া যুৱকৰ দ্বাৰা টাটা মেজিকসমূহ চলােৱা আদি ঘটনাসমূহক আচৰিত বুলি মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে । এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে বহু লােকক দুর্ঘটনাত হেৰুৱাব লগা হ’ব বুলি ৰাইজে মন্তব্য কৰিছে । অনতিপলমে দুর্ঘটনা নিয়ন্ত্ৰণৰ উপযুক্ত পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিলাপথাৰত কবি সমাজ আৰু সাৰথিৰ উদ্যোগত কবি কবিতা পাঠৰ অনুষ্ঠান…
- চিমেন চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা ৩৩ সংখ্যক সানজাৰি নৌগৌৰ ৰংজালি বৈসাগু বিদায় ফূৰবুৰ সামৰণি…
- নাৰায়ণপুৰ আৰক্ষী থানাত দুই মানৱ সৰবৰাহকাৰী…
- বেলতলা হাইস্কুলৰ ভোটকেন্দ্রত বিকল EVM…
- যোৰহাট আৰক্ষীৰ গুলীত আহত দুধৰ্ষ চোৰ কুশ কুটুম…
- ক’ভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হ’ল উচ্চতম ন্যায়ালয়…
- আজি অসমৰ চাৰি লোকসভা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ…
- পুৱা ৯ বজালৈ গুৱাহাটীত ভোটদানৰ হাৰ ১০.৩৮%…
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…