আসাম প্ৰেছকৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ চৰাইদেউ অধিৱেশনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় অধিৱেশনত দেৰগাঁৱৰ সন্তান, নিষ্ঠাবান সাংবাদিক প্ৰনৱ চক্ৰৱৰ্ত্তীক কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিৰ্বাচিত হোৱাৰ পিছত দেৰগাঁৱত এক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আপকুৰ দেৰগাঁও মহকুমা সমিতিৰ উদ্যেগত আয়োজিত আৰু দেৰগাঁও গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বাংলাত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক ৰাতুল বৰাই। এই অনুষ্ঠানত সৰ্বপ্ৰথমে দেৰগাঁও মহকুমা সমিতিৰ হৈ দেৰগাঁও মহকুমা সমিতিৰ সভাপতি আবু আহমেদ, উপ সভাপতি ৰাতুল বৰা, সম্পাদক কুমুদ বৰাই এখনি ফুলাম গামোছা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে সাংবাদিক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰ পিছতে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ হৈ সভাপতি চাহাবুদ্দিন আহমেদেব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ ফালৰ পৰা চাহাবুদ্দিন আহমেদে এখনি ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে। দেৰগাঁও সাংবাদিক সংস্থাৰ হৈ সম্পাদক ইন্দুভূষন মহন্ত, সাংবাদিক ভাস্কৰজ্যোতি বৰদলৈ, দেৰগাঁও আঞ্চলিক সাহিত্য সন্মিলনীৰ হৈ সহকাৰী সম্পাদক জ্যোতি জনাৰ্দন বৰা আৰু সদস্যা নেত্ৰজ্যোতি গগৈ হাজৰিকা, কাকডোঙা সাংবাদিক সংস্থাৰ হৈ সম্পাদক আহমেদ হুছেইন, সদৌ অসম বাৰ্লাক মহিলা সমিতিৰ হৈ সভানেত্ৰী বন্তি আহমেদ, দেৰগাঁও অগ্ৰগামী বাঙালী মহিলা মঞ্চৰহৈ ববিতা ঘোষ, অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰাকে ধৰি দেৰগাঁৱৰ বহুকেইটা দল সংগঠনে সাংবাদিক প্ৰনৱ চক্ৰৱৰ্তীক সম্বৰ্ধনা জ্ঞাপন কৰে। এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত দেৰগাঁও বিশিষ্ট লেখক তথা শিক্ষাবিদ ৰাজেন পূজাৰী, দেৰগাঁও গাঁও ৰক্ষী বাহিনীৰ চক্ৰ সংগঠক শিৰোমণি মহন্ত, সাংবাদিক দীপক শইকীয়া, দীপক হাজৰিকা, চামিম আলম হক দিগন্ত দাস, গৌতম বৰা, অভিজিত বৰা ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ উপ-সভাপতি নিতু কলিতা, পাপুল শইকীয়া, আকাৰেৰ আলি, মঞ্জু ধৰি আদি উপস্থিত থাকে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…
- Oppo গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ! ভিয়েটনামত ‘A’ ছিৰিজৰ সৈতে OPPO A60 স্মাৰ্টফোন মুকলি…
- জামুগুৰিহাটত গঁড়ৰ খৰ্গসহ চোৰাং চিকাৰীক আটক…