দুমুনিচকীৰ মেধাবী ছাত্ৰ ছাজিদ আখতাৰৰ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি কাতৰ আহ্বান পিতৃ মাতৃৰ

 দৰং জিলাৰ ছিপাঝৰ সমষ্টিৰ দুমুনিচকীৰ সমীপৰ মাৰুৱাচকী গাঁৱৰ আব্দুল ৱাহিদ আৰু ৰেনু বেগমৰ একমাত্ৰ পুত্ৰ ছাজিদ আখতাৰ ( ২২) বিগত কেইবা বছৰৰ পৰাই বৃক্ক জনিত ৰোগত আক্রান্ত  হৈ চিকিৎসা গ্ৰহণ কৰি আছে যদিও এইপৰ্যন্ত সুস্থ হৈ উঠা নাই । দুয়োটা বৃক্ক বিকল হৈ পৰাত  আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা ব্যয়বহুল চিকিৎসাৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে পৰিয়ালটো । ঘৰুৱা সা-সম্পত্তি বিক্ৰী কৰি পাৰ্যমানে চিকিৎসা কৰি  এতিয়া নিৰুপায়  হৈ পৰিছে পৰিয়ালটো । এনে পৰিস্থিতিত অসহায় পৰিয়ালটোৱে ছাজিদৰ চিকিৎসাৰ বাবে  ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য  । উল্লেখ্য  যে ২০১৬ চনত প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০১৮  উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ২য় স্থান  লাভ কৰি উত্তীৰ্ণ হৈছিল মেধাবী ছাত্ৰ ছাজিদে । ছাজিদৰ সুচিকিৎসাৰ বাবে   স্বাস্থ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মাৰ  স্বাস্থ্য বিভাগৰ প্ৰতি  কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে। ছাত্র অৱস্থাতেই  বৃক্ক জনিত ৰোগত ভুগি এতিয়া এক গভীৰ অনিশ্চয়তাৰ মাজেৰে নিজৰ জীৱনটোৰ  সৈতে যুঁজ দি আগবাঢ়িব লগীয়া হৈছে মেধাবী ছাত্ৰ গৰাকী । ইপিনে নিজৰ পুত্ৰৰ এনে দুৰাৰোগ্য ৰোগৰ চিকিৎসাৰ বাবে  ছাত্র গৰাকীৰ পিতৃ মাতৃৰ  নাই পৰ্যাপ্ত ধন।  এই ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি এতিয়া  দিকবিদিক হেৰুৱাই পেলাইছে  দুৰ্ভগীয়া পৰিয়ালটোৱে ।  ইফালে ছাত্র  গৰাকীক আৰ্থিক সাহাৰ্যৰ বাবে তেওঁৰ মাতৃ ৰেনু বেগমৰ  নামত থকা  অসম গ্ৰামীন বিকাশ বেংকৰ দুমুনিচকী শাখাৰ একাউন্ট নং 7060010039899  আই এফ চি  UTBI0RRBAGB অথবা 7002446590 ফোনত যোগাযোগ কৰি সহায়ৰ হাত আগবঢ়াবলৈ  সদাশয় ৰাইজক আহ্বান জনাইছে ছাজিদৰ পিতৃ মাতৃয়ে । 

Related Articles