বিহাৰত (NDA) বিজয়যাত্ৰা এনডিএৰ, ২০০ ৰো অধিক আসনত বিজয় সাৱস্ত্য কৰিছে এনডিএই। এনে শেহতীয়া তথ্য অনুসৰি ২০০খনতকৈও অধিক লাভ কৰিছে এনডিএই । ইয়াৰ পিছতে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় শ্বাহ-নাড্ডা।বিহাৰ নিৰ্বাচনত এনডিএ আৰু ব্যক্তিগতভাৱে বিজেপি দলে চমকপ্ৰদ প্ৰদৰ্শন কৰাত আনন্দিত দলটোৰ নেতাসকল। ইতিমধ্যে বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু বিহাৰ নিৰ্বাচনৰ প্ৰভাৰী ধৰ্মেন্দ্ৰ প্ৰধান। বাক্সাৰত জয়ী হৈছে আনন্দ মিশ্ৰ।তেজ প্ৰতাপ যাদৱ বিহাৰৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত জনশক্তি জনতা দলৰ মুৰব্বী তেজ প্ৰতাপ যাদৱে প্ৰকাশ কৰিছে এক বিবৃতি। তেওঁ উল্লেখ কৰিছে, “আমাৰ পৰাজয়তো ৰাইজৰ জয় লুকাই আছে। আজিৰ ফলাফলক মই জনাদেশ হিচাপে মানি লওঁ।
পৰাজয়তো আমি জয়ী হৈছো, কাৰণ বিহাৰে স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে ৰাজনীতি আৰু নেপটিজিমৰ বিষয় নহয়, বৰঞ্চ সুশাসন আৰু শিক্ষাৰ বিষয় হ’ব।”ওঁ কয়, “এয়া জয়চান্দৰ বাবে এক সুন্দৰ পৰাজয়। আমি ইতিমধ্যে কৈছিলোঁ যে এই নিৰ্বাচনৰ পিছত বিহাৰত কংগ্ৰেছ শেষ হ’ব আৰু আজি কেৱল কোৱা নহয়, স্পষ্টকৈ দেখা গৈছে! ৰাইজৰ মৰম, বিশ্বাস, আশীৰ্বাদ মোৰ লগত আছে বাবে হাৰি যোৱাৰ পিছতো মই জয়ী হৈছো। কিন্তু সত্যটো তিক্ত। এই জয়চান্দসকলে আৰজেডিক ভিতৰৰ পৰা নষ্ট কৰি পেলাইছে। সেইবাবেই তেজস্বী আজি বিফল হৈছে!”“ভাৰতৰ নিৰাপত্তা আৰু সম্পদ শোষণ কৰা অনুপ্ৰৱেশকাৰী আৰু তেওঁলোকৰ সমৰ্থকসকলৰ বিৰুদ্ধে মোদী চৰকাৰৰ নীতিৰ প্ৰতি বিহাৰৰ জনসাধাৰণৰ প্ৰতিটো ভোট বিশ্বাসৰ প্ৰতীক। ভোট বেংকৰ স্বাৰ্থৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়াসকলক জনসাধাৰণে উপযুক্ত উত্তৰ দিছে। বিহাৰৰ জনসাধাৰণে সমগ্ৰ দেশৰ আৱেগ প্ৰতিফলিত কৰিছে: ভোটাৰ তালিকা শুদ্ধিকৰণ অতি প্ৰয়োজনীয়, আৰু ইয়াৰ বিৰুদ্ধে ৰাজনীতিৰ কোনো স্থান নাই। সেইবাবেই ৰাহুল গান্ধীৰ নেতৃত্বত গঠিত কংগ্ৰেছ দল আজি বিহাৰত শেষ স্থানলৈ নামি আহিছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
তেওঁ আৰু কয়, “জ্ঞান, কঠোৰ পৰিশ্ৰম, গণতন্ত্ৰৰ ৰক্ষক বিহাৰৰ জনসাধাৰণলৈ লাখ লাখ প্ৰণাম। বিহাৰৰ জনসাধাৰণৰ পৰা এন ডি এলৈ এই জনাদেশ হৈছে এন ডি এৰ উন্নয়ন, মহিলাৰ সুৰক্ষা, সুশাসন, আৰু বিহাৰৰ দৰিদ্ৰ লোকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতাৰ ৰাজহুৱা সমৰ্থন। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বাবে উদাৰতাৰে কাম কৰি আহিছে, আৰু নীতিশ কুমাৰে বিহাৰক জংঘলৰাজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিবলৈ কাম কৰিছে। এই জনাআদেশ ‘উন্নত বিহাৰ’ৰ প্ৰতি দায়বদ্ধতাৰ বাবে।”
আনহাতে শুকুৰবাৰে ভোটগণনাৰ প্ৰাকক্ষণত এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । এই পোষ্টাৰখনত লিখা আছিল “টাইগাৰ অভি জিন্দা হ্য়ায়” অৰ্থাৎ বাঘ এতিয়াও জীয়াই আছে ।ইয়াৰ পিছতেই চৰ্চালৈ অহা এই পোষ্টাৰখন আঁৰি দিয়া লোকজনৰ প্ৰশংসাৰ কৰিছে বহুতে । লোকজনে শুকুৰবাৰে ভোট গণনা আৰম্ভ হোৱাৰ দুঘণ্টামানৰ ভিতৰতে এই পোষ্টাৰখন জনতা দল ইউনাইটেডৰ মুখ্য কাৰ্যালয়ত আঁৰিছিল । মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ফটোসহ পোষ্টাৰখনত “টাইগাৰ অভি জিন্দা হ্য়ায়” ।

