এআইইউডিএফ বিধায়কসকলৰ ভৱিষ্যৎ অনিশ্চয়তাত…

২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ দিন চমুকৈ হোৱাৰ লগে লগে ৰাজ্য ৰাজনীতিত যি বিষয়টো অধিক গুৰুত্বসহকাৰে আলোচিত হ’বলগীয়া হৈছে, সেয়া হৈছে—এআইইউডিএফৰ বিধায়কসকলৰ ভবিষ্যৎ। একসময় সংখ্যালঘু সমাজই ‘নিজৰ দল’ বুলি আঁকোৱালি ধৰা এআইইউডিএফক লৈ সেই একেটা সমাজেই আজিৰ দিনত গভীৰ সন্দেহ, অবিশ্বাস আৰু আতঙ্কৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে। দলটো গঠনৰ পিছত এই প্রথম জটিল পৰিস্থিতিৰ মুখামুখি হৈছে দলটোৰ বিধায়কসকল। যি আবেগ, যি ভৰসা বহু বছৰ ধৰি দলটোক আগুৱাই লৈ গৈছিল—আজিৰ পৰিস্থিতিত সেই আবেগ যেন নীৰৱে অস্তমিত হোৱাৰ পথলৈ আগবাঢ়িছে। বিশেষকৈ বিজেপিৰ সৈতে একাংশ এআইইউডিএফ বিধায়কৰ গোপন মিতিৰালি , ভোট-সমীকৰণৰ সময়ত সন্দেহজনক ভঙ্গিমা আৰু গোপন সমৰ্থন —এই সকলো মিলি সংখ্যালঘু সমাজে কোনোবাবেই গ্ৰহণ কৰিব পৰা নাই। কেৱল গ্ৰহণ কৰিব পৰা নাই বুলি নহয়, ভোটাৰসকলৰ মনত দলটোক লৈ এক গভীৰ আশংকা সৃষ্টি হৈছে । দলটোৰ নেতৃত্ব কোন অভিমুখে আগুৱাই গৈছে আৰু সংখ্যালঘু ৰাইজৰ স্বার্থ আগত ৰাখা হৈছে নে নাই, সেই প্ৰশ্ন বাৰুকৈ উত্থাপন হৈছে। সেয়েহে
এই প্ৰশ্নবোৰৰ কোনো স্পষ্ট উত্তৰ বিধায়কসকলৰ হাতত নাথাকাত, জনসন্মুখত তেওঁলোকে প্ৰবল সমালোচনাৰ তীব্ৰ ঢৌৰ মুখামুখি হ’ব লগা হৈছে। বিগত কেইবাবছৰত কংগ্ৰেছ–এআইইউডিএফ মিত্ৰতা বহুবাৰ হৈছিল, কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিত সম্পূৰ্ণ ভিন্ন। বিজেপিৰ বিৰুদ্ধে শক্তিশালী বিকল্প মঞ্চ গঠনই কংগ্ৰেছৰ প্ৰধান লক্ষ্য, আৰু সেই বৃহৎ সমীকৰণত এআইইউডিএফক স্থান দিবলৈ দলটোৰ নেতৃত্ব একেবাৰে অনিচ্ছুক। বহু এআইইউডিএফ বিধায়কে গোপনে কংগ্ৰেছৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা কৰিছে বুলি সূত্রৰ পৰা জানিব পৰা গৈছে । কংগ্ৰেছ নেতৃত্বে সেই দুৱাৰসমূহ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত লৈছে। আজমল দলটোৰ দৰে ‘অসমৰ সংখ্যালঘু ভোঁট বিভাজন কৰা’ বুলি অভিযোগ থকা বিষয়টোৱেই এই দূৰত্বৰ মুখ্য কাৰণ বুলি কংগ্ৰেছৰ এক সূত্ৰই জনায়। ইপিনে,অসম গণ পৰিষদ (এজিপি)-ৰ ক্ষেত্ৰতো একেধৰণৰ অনিচ্ছা দেখা গৈছে। যদিও এজিপি–এআইইউডিএফৰ মাজত কোনো সহমত নাই, তথাপিও বাস্তৱিক দিশত এজিপিয়ে এআইইউডিএফ বিধায়কসকলক আঁকোৱালি ল’বলৈ আগ্ৰহ প্ৰদৰ্শন কৰা নাই। তথাপিও বিশেষ সূত্ৰৰ তথ্য অনুসৰি ইতিমধ্যে কেইবাজনমান এআইইউডিএফ বিধায়কে এজিপিৰ সৈতে গোপনভাৱে যোগাযোগ স্থাপন কৰিছে। এই তালিকাত আছে—বিধায়ক সুজাম উদ্দিন লস্কৰ, বিধায়ক নিজাম উদ্দিন চৌধুৰী, বিধায়ক (ধিঙ )আমিনুল ইছলামসহ আন ৩ জন বিধায়ক। যদিও এজিপিৰ ভিতৰৰ একাংশ নেতা এই যোগাযোগক গুৰুত্ব নিদিয়াৰ মূল কাৰণ হৈছে এআইইউডিএফৰ বিধায়কক আঁকোৱালি লোৱাই সংগঠন দুৰ্বল হব পাৰে অনেতিবাচক প্ৰভাৱ পৰিব পাৰে ভোটত।
উল্লেখযোগ্য তথ্য হ’ল—দলটোৰ প্রতিষ্ঠাতা তথা সভাপতি মৌলানা বদৰুদ্দিন আজমলৰ দলটোক বিভিন্ন মহলত সমালোচনা কৰা দেখা গৈছে। বিশেষকৈ দলটোৰ ভিতৰৰ একাংশ মানুহে অভিযোগ কৰিছে—আজমলৰ দুৰ্বল নেতৃত্বৰ সুযোগ লৈ কেইবাজন বিধায়ক ইতিমধ্যে গোপনে অন্য দলে লগত যোগাযোগ আৰম্ভ কৰিছে। দলীয় শৃঙ্খলাৰ দিশবোৰই আজমল নেতৃত্বক অধিক প্রশ্নৰ মুখামুখি কৰি তুলিছে। ফলত, এআইইউডিএফ বিধায়কসকলৰ আগলৈ সময় কঠিন আৰু অনিশ্চয়তাৰ দিশে আগবাঢ়িছে।

Related Articles