সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ জন্ম দিৱসত বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু নেকটাৰ উদ্যোগত ৰক্তদান শিবিৰ…

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হা আৰু উত্তৰ -পূৱ কম্পিউটাৰ ট্ৰেডাৰ্ছ এছ’চিয়েচন(নেকটা)ৰ উদ্যোগত তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত বি বৰুৱা কলেজৰ প্ৰাক্তন ছাত্ৰ, প্ৰাণৰ শিল্পী সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ ৫৩ তম্ জন্ম বাৰ্ষিকী উপলক্ষে ১৮নবেম্বৰ তাৰিখে বি বৰুৱা কলেজ চৌহদত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।


বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্হাৰ সাধাৰণ সম্পাদক ড০ বিজয় গোস্বামী আৰু নেকটাৰ তৰফৰ পৰা ৰিপন বৰুৱাই এই কথা সদৰী কৰি জানিবলৈ দিয়ে যে ১৮নবেম্বৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব লগা এই শিবিৰত ৰক্তদানৰ বাবে ইতিমধ্যে ৬০ গৰাকীৰো অধিক লোকে অন লাইন মাধ্যমত প্ৰপত্ৰ পূৰণ কৰি সন্মতি প্ৰকাশ কৰিছে।
বিষয়ববীয়া দুগৰাকীয়ে ‘জীৱনৰ বাবে এটোপাল তেজ’ মূলমন্ত্ৰ সাৰোগত কৰি দূৰ্গত জনৰ সহায়ৰ বাবে ৰক্ত দানৰ দৰে মহান কাৰ্যত সহযোগিতা আগবঢ়াবলৈ ছাত্র-ছাত্ৰী তথা সৰ্ব সাধাৰণ লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Related Articles