গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞাৰ লগতে ৭ জিলাত মাংস বিক্রীত বাধা

বিগত কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তত আফ্রিকান ছোৱেইন ফিভাৰৰ প্রাদুর্ভাব ঘটিছে। বিশেষকৈ ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপ জিলাত ৰোগবিধৰ সংক্রমণে ব্যাপক ৰূপ ধাৰণ কৰিছে। ৰোগবিধৰ সংক্ৰমণৰ হাৰ দ্রুত গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে পশুধন আইন, ২০০৯ ৰ অধীনত ই.চি.এফ. ২৪০৯৯০ নং এক অধিসূচনা যোগে সমগ্ৰ ৰাজ্যতে এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও উল্লেখিত সাতখন জিলা ক্রমে ধেমাজি, লখিমপুৰ, শিৱসাগৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু কামৰূপত গাহৰি সৰবৰাহৰ লগতে গাহৰিৰ মাংস বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

অন্যান্য জিলাসমূহত গাহৰি মাংস বিক্ৰীৰ ক্ষেত্ৰত পশু চিকিৎসকে পৰীক্ষা কৰি দিয়া গাহৰি পঞ্চায়ত, পৌৰসভা, নিগম-নিকায়ে ধাৰ্য কৰি দিয়া নিৰ্দিষ্ট স্থানতহে বিক্ৰী কৰিব পাৰিব। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কচাইখানাত কটা গাহৰিৰ মাংসহে নীতিগতভাৱে বেচা-কিনা কৰিব পাৰিব। সংশ্লিষ্ট সকলো পক্ষই জৈৱ সুৰক্ষাৰ সকলো নীতি-নিয়ম মানি চলাৰ লগতে স্বাস্থ্যসন্মত পৰিৱেশ বজাই ৰখাটো বাধ্যতামূলক। চৰকাৰে পৰৱৰ্তী নির্দেশনা জাৰি নকৰা পর্যন্ত এই নীতি-নির্দেশনা বাহাল থাকিব।

উল্লেখযোগ্য যে আফ্রিকান ছোৱেইন ফিভাৰ গাহৰিৰ এক অতি সংক্রামক ভাইৰাছজনিত ৰোগ আৰু এই ৰোগত মৃত্যুৰ হাৰ এশ শতাংশ পর্যন্ত হ’ব পাৰে। বৰ্তমানলৈ ৰোগবিধৰ প্ৰতিষেধক ছিটা ওলোৱা নাই আৰু ফলপ্রসূ চিকিৎসা নোহোৱা হেতুকে ইয়াৰ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে আক্রান্ত জিলাসমূহৰ অভিকেন্দ্ৰবোৰ চিনাক্ত কৰি তাৰ চৌপাশৰ এলেকাত অৱৰুদ্ধকৰণ, অনাময় ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদি যাৱতীয় ব্যৱস্থাপনা কৰি আছে। লগতে জৈৱ সুৰক্ষা নীতিসমূহ কঠোৰভাৱে মানি চলাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ হকে কাম কৰি আছে আৰু সকলোকে জৈৱ সুৰক্ষা নীতিসমূহ মানি চলিবলৈ আহ্বান জনাইছে।

Related Articles