অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয় আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ যৌথ উদ্যোগত ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এক ব্যাপক সাংস্কৃতিক সমাৰোহৰ আয়োজন ঘোষণা কৰা হৈছে। সুধাকণ্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে ৰাজ্যখনৰ প্ৰতিখন জিলাতে ‘ভূপেন্দ্ৰ সংগীত’ আৰু একাঙ্ক নাট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। লক্ষ্য—ভূপেন হাজৰিকাৰ অমূল্য সৃষ্টিসমূহ নতুন প্ৰজন্মৰ মাজত চিৰস্থায়ী কৰি তোলা, লগতে জ্যেষ্ঠ নাগৰিকসকলক পুনৰ সাংস্কৃতিক চেতনাত সক্ৰিয়ভাৱে সম্পৃক্ত কৰা।
সংবাদ মেলত অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়াই কয় যে জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সাংস্কৃতিক উন্মাদনা পুনৰ জাগ্ৰত কৰিবলৈ এই উদ্যোগ অতি গুৰুত্বপূর্ণ। তেওঁ উল্লেখ কৰে যে ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি বর্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক অমূল্য ধন, আৰু এই ধনক আগলৈ লৈ যোৱাৰ দায়িত্বত জ্যেষ্ঠ নাগৰিকসকলেই অগ্ৰণী হ’ব লাগিব। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাক এইবাৰ নতুন ধাঁচত আগবঢ়োৱা হৈছে। প্ৰতিযোগিতাত ভূপেন হাজৰিকাৰ ৰচিত, সুৰাৰোপিত, সংগীত পৰিচালিত আৰু তেওঁৰ কণ্ঠদান কৰা বিভিন্ন ধৰণৰ গীতসমূহ অন্তর্ভুক্ত কৰা হৈছে। এজন প্ৰতিযোগীয়ে ইচ্ছা অনুসৰি বহুমুখী শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ভাষাৰ ক্ষেত্রতো বিশেষ সুযোগ দিয়া হৈছে—একেই সুৰেৰে অন্য ভাষাত থকা গীতসমূহো পৰিবেশন কৰিব পাৰিব।
অংশগ্ৰহণৰ বাবে কোনো মাচুল নোহোৱাৰ লগতে AIR A Grade আৰু B High Grade শিল্পীসকল প্রতিযোগী হিচাপে অংশ ল’ব নোৱাৰিব, যদিও বিচাৰকৰূপে নিযুক্ত হ’ব পাৰে।
জিলা পর্যায়ৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্তসকলক ৰাজ্যিক পর্যায়ৰ ফাইনেলৰ বাবে মনোনীত কৰা হ’ব। ২৬ নৱেম্বৰত গুৱাহাটীত শুভ উদ্বোধন অনুষ্ঠিত হ’ব আৰু ডিচেম্বৰৰ ৫ তাৰিখৰ আগতেই জিলা পর্যায়ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন হ’ব। তাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হ’ব ভূপেন্দ্ৰ সংগীতৰ ৰাজ্যিক ফাইনেল, আৰু সেই সমান্তৰালভাৱে একাঙ্ক নাট প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।
একাঙ্ক নাটৰ বিষয়বস্তু এইবাৰ বিশেষ। আধুনিক সমাজৰ পৰিৱর্তনৰ লগত জ্যেষ্ঠ নাগৰিকসকলে নিজৰ ব্যক্তিগত আৰু সামাজিক জীৱন কিদৰে খাপ খুৱাই আগবঢ়াইছে—সেই বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নাট মঞ্চস্থ হ’ব। নাট্যদলসমূহৰ মাজৰ পৰা শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক, সাজসজ্জা, আৱহ-সংগীত, কৌতুক শিল্পী আৰু বিভিন্ন প্রযুক্তিগত শাখাতো বিশেষ বাছনি কৰি মানপত্ৰ আৰু স্মাৰকেৰে সন্মানিত কৰা হ’ব। সংবাদ মেলত উপস্থিত আছিল—জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্রদীপ ঠাকুৰীয়া, শাখা বিষয়া মুদাচ্ছাৰ নাজাৰ হুছেইন, অসম জ্যেষ্ঠ নাগৰিক সম্মিলনৰ সভাপতি শ্ৰী বানেশ্বৰ খাউণ্ড আৰু সাধাৰণ সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰ। সকলোয়ে একমত হয় যে ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপন জ্যেষ্ঠ নাগৰিকসকলক কেন্দ্ৰ কৰি এইবাৰ এক নতুন আৰু অনন্য দিশৰ সূচনা কৰিব।

