দেশজোৰা জনজাগৰণ অভিযান “আপোনাৰ ধন, আপোনাৰ অধিকাৰ”ৰ অংশ হিচাপে সমগ্ৰ অসমতে ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে জমাকাৰীৰ শিক্ষা আৰু সজাগতা পুঁজিৰ বিষয়ত জিলা পৰ্যায়ৰ সজাগতা আৰু সাহায্য শিবিৰৰ আয়োজন কৰা হৈছে।

এই পদক্ষেপৰ সৈতে সংগতি ৰাখি জিলা উপায়ুক্ত তথা মুখ্য জিলা পৰিচালকৰ তত্বাৱধানত অহা ২১ নৱেম্বৰ২০২৫ তাৰিখে বৰপেটা, চিৰাং, আৰু বঙাইগাঁও জিলাত জিলা পৰ্যায়ৰ শিবিৰৰ আয়োজন কৰা হ’ব। বৰপেটাত ডি আই চি চিৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত পুৱা ১০ বজাৰ পৰা বিয়লি ৬:০০ বজালৈ শিবিৰ অনুষ্ঠিত হ’ব। চিৰাং আৰু বঙাইগাঁৱতো একেধৰণৰ প্ৰস্তুতি চলি আছে। চিৰাঙত এই শিবিৰ জিলা কেন্দ্ৰ কাজলগাঁৱৰ পিডি ডি আৰ ডি এ কনফাৰেন্স হলত অনুষ্ঠিত হ’ব। অভয়াপুৰীৰ আৰএছইটিআইত পুৱা ১০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ এই শিবিৰ অনুষ্ঠিত হ’ব।
এই শিবিৰত নাগৰিকসকলক তেওঁলোকৰ দাবী নকৰা জমা ধন, দাবী নকৰা বীমা, দাবী নকৰা লভ্যাংশ, দাবী নকৰা শ্বেয়াৰ আৰু মিউচুৱেল ফাণ্ড দাবী কৰাত সহায় কৰিবলৈ সহায়ক কাউণ্টাৰ উপলব্ধ হ’ব। হিতাধিকাৰী/দাবীকাৰীসকলক প্ৰয়োজন অনুসৰি কে ৱাই চি (আপোনাৰ গ্ৰাহকক চিনি লওক) আপডেট, দাবী প্ৰ-পত্ৰ পূৰণ আৰু নথিপত্ৰ পৰীক্ষণৰ ক্ষেত্ৰতো সহায় কৰা হ’ব। ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈকে পৰ্যায়ক্ৰমে অসমৰ অন্যান্য জিলাসমূহতো একেধৰণৰ শিবিৰ অনুষ্ঠিত কৰা হ’ব।
জিলা উপায়ুক্তৰ নেতৃত্বত আৰু ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি (এছ এল বি চি), অসমৰ নিৰ্দেশনাত প্ৰতিখন জিলাৰ লিড বেংকৰ উদ্যোগত এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। এই পদক্ষেপত সকলো বেংক, বীমা কোম্পানী, পেঞ্চন বিভাগ, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি) আৰু বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি (আইইপিএফ)ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

