দেশৰ কৃষকৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা বান বা বন্য জন্তুৱে ক্ষতি সাধন কৰা শস্যৰ বাবেও পাব ক্ষতিপূৰণ । উল্লেখ্য পূৰ্বে এই দুটা কাৰণত হোৱা শস্যৰ ক্ষতিৰ বাবে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাত কোনো ক্ষতিপূৰণৰ ব্যৱস্থা নাছিল।
এই সদৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰে দেশৰ কৃষকসকলৰ প্ৰতি এক ইতিবাচক বাৰ্তা দিছে। কেন্দ্ৰী মন্ত্ৰীগৰাকীয়ে দেশৰ কৃষকসকলক উদ্দেশ্যি কয়- আজি আপোনালোকক কিছু ভাল খবৰ দিবলৈ ওলাইছো। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ দিবলৈ প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা আৰম্ভ কৰিছিল।
কিন্তু এই আঁচনিৰ অধীনত দুটা লোকচান সামৰি লোৱা হোৱা নাছিল, যিটো আপোনালোকে বহুদিনৰে পৰা দাবী কৰি আহিছে: প্ৰথমটো হৈছে, বন্যপ্ৰাণীৰ ফলত হোৱা ক্ষতি; দ্বিতীয়তে, অত্যধিক বৰষুণৰ ফলত সৃষ্ট বানপানী বা পানী জমা হোৱাৰ ফলত হোৱা শস্যৰ ক্ষতি।মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে এই দুয়োটা লোকচানেই এতিয়া শস্য বীমা আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। বন্যপ্ৰাণীৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ দিয়া হ’ব আৰু পানী জমা হোৱাৰ ফলত হোৱা লোকচানৰো ক্ষতিপূৰণ দিয়া হ’ব।

