নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে বিধায়ক বিমল বড়াৰ আৱাসগৃহত জনতাৰ লানিনিচিঙা সোঁত বৈছে ৷ অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত ৪৭ খন আসনৰ বাবে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ নিৰ্বাচন ৷ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগেলগে টিংখাঙৰ বিধায়ক বিমল বড়াৰ ঘৰত সমাগম ঘটে অসংখ্য জনতাৰ ৷ সকলোৱে বিধায়কগৰাকীক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰে ৷ বিগত ৫ টা বৰ্ষত ৰাইজৰ অভাৱ-অভিযোগ , সমস্যা সমাধানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে সকলোৱে ফুলাম গামোছাৰে বিধায়ক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বিধায়কগৰাকীয়েও সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷ বিধায়ক গৰাকীয়ে টিংখাংবাসীক উদ্দেশ্যি এনেদৰে কয় — “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ৷ ৰাইজৰ আৱেগ অনুভূতিক হৃদয়ংগম কৰি সেই আশা আকাংক্ষা পূৰ কৰিবলৈ কোনো দিনে চেষ্টাৰ ক্ৰুটি কৰা নাই ৷ বিগত ৫ টা বৰ্ষত পাৰ্য্যমানে সমষ্টিৰ উন্নয়নৰ বাবে চেষ্টা কৰিছিলোঁ ৷ তাৰে বহু কাম সম্পূৰ্ণ কৰা হ’ল ৷ বহু কাম এতিয়াও কৰিবলৈ বাকী ৷ ৰাইজে পুনৰ আশীৰ্বাদ দিলে অনাগত দিনত ৰৈ যোৱা অথবা আধৰুৱা হৈ ৰোৱা কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ” নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত সমষ্টিটোৰ চৌদিশে এতিয়া ব্যাপক নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা বিজেপি- অগপ দলৰ মিত্ৰজোঁটৰপৰা পুনৰবাৰ বিধায়ক বিমল বড়াই প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়োৱাটো নিশ্চিত ৷ ইপিনে কংগ্ৰেছ দলৰপৰা কোনে দলীয় টিকট লাভ কৰিব সেয়া আজিও চূড়ান্ত হোৱা নাই ৷ কংগ্ৰেছ দলৰপৰা এইবাৰ দলীয় টিকট বিচাৰি প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা আৰু বিপুল গগৈয়ে আৱেদন জনাইছে ৷ অসম জাতীয় পৰিষদৰপৰা শোভাকৰণ কোহাঁঞিয়ে দলীয় টিকটৰ বাবে আৱেদন জনাইছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…