সুদুৰ ছত্তীশগড়ত জন্ম লভি মাত্ৰ আঠ বছৰ বয়সতে জীৱিকাৰ সন্ধানত ১৯৩১চনত পিতৃদেৱতা পল্টন চাহুৰ লগত গিৰমিটিয়া শ্ৰমিক ৰূপে অসমলৈ আহি ৯৮ টা বসন্ত পাৰ কৰি অসমৰ বায়ু-পানী সেৱন কৰি মৰাণত সমাজ- সংস্কৃতি, কৰ্মসংস্কৃতি যোগে দহৰ বাবে পথ পদশক হোৱা চিন্তাৰাম চাহুক আজি মৰাণ প্ৰেছ ক্লাৱে অভিনন্দন জ্ঞাপন কৰে।মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকনে আঁতধৰা অনুষ্ঠানত মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ(ফেব্ৰুৱাৰী) অতিথি চিন্তাৰাম চাহুক চেলেং চাদৰ আৰু অভিনন্দন পত্ৰৰে বিশেষভাৱে সম্বধনা জনায়।প্ৰথমে লখিমপুৰত থাকি ১৯৪৫ চনত বৰ্তমানৰ চৰাইদেউ জিলাৰ হিংৰিজান চাহ বাগিচালৈ আহি ১৯৪৭ চনত বাগিচাৰ কৰ্মীৰূপে নিয়োজিত হোৱা শ্ৰমিক গৰাকী নিজৰ কৰ্মৰ দক্ষতা পাৰ্গত হৈ উঠিছিল৷ বাগিচাৰ পাৰ্গত কৰ্মীৰূপে বৃটিছ চাহাবৰ পৰা বিশেষ পুৰস্কাৰ লাভ কৰি সহকাৰী কৰ্মীসকলকো প্ৰেৰণা আৰু সাহস দিবলৈ সক্ষম হৈছিল এই গৰাকী শ্ৰমিকে৷ বাগিচাৰ কৰ্মচাৰীসকলক একত্ৰিত কৰাৰ নেতৃত্ব বহন কৰি শ্ৰমিক নেতাৰূপে আত্মপ্ৰতিষ্ঠা লাভ কৰা চিন্তাৰাম চাহুৰ পৰিয়ালটি বৰ্তমান সমাজত এখন সুকীয়া স্থান পাবলৈ সক্ষম হৈছে চিন্তাৰাম চাহুৰ আদৰ্শতে। দুই অনা দৈনিক মজুৰিয়ে শ্ৰমিক ৰূপে কৰ্মৰত আদৰ্শবান চিন্তাৰাম চাহুৰ পুত্ৰ-কন্যা ,নাতিসকলে বৰ্তমান উচ্চ শিক্ষাৰে শিক্ষিত হৈ ৰাজ্যৰ জনসাধাৰণৰ সেঁৱাত কৰ্মৰত হৈ আছে।ধৰ্ম আধাৰত নিজৰ কৰ্ম কৰিলে নিশ্চয় সফলতা হ’বই বুলি কয় অতিথি গৰাকীয়ে।চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি ক্ষেত্ৰত বাগিচাৰ উৎপাদন বৃদ্ধিৰ অনুপাতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে চাহ বাগিচাৰ লগতে শ্ৰমিকৰ উন্নতি হ’ব বুলি কয়।মৰাণ প্ৰেছ ক্লাৱৰ অতিথি গৰাকীক মৰাণৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতা সকলেও সম্বৰ্ধনা জনায়। মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যসূচীত অংশ গ্ৰহন কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহা,মহকুমা সমিতিৰ সম্পাদক পলাশজ্যোতি বৰগোঁহাই, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা মৰাণ সাহিত্য সভাৰ সম্পাদক অকণ ভূঞা,সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি জিতু গগৈ,সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখা সম্পাদক মাহাত্মা সোনাৰ,গোৰ্খা ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিৰ সম্পাদক নন্দৰাম থাপা,সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক সঞ্জীৱ চুতীয়া,সমাজকৰ্মী অসীম বৰুৱা ,পল্লৱ শৰ্মা,কবি প্ৰদীপ বৰুৱা,শিক্ষক বীৰেন চাংমাই,শিক্ষক বুদ্ধেশ্বৰ গড়,সাংবাদিক বাছা বৰা আৰু মৰাণ প্ৰেছ ক্লাৱৰ সহকাৰী সম্পাদক শৰৎ শেনচোৱা, উপদেষ্টাৰ ত্ৰয়-ক্ৰমে-শোভিত কুমাৰ ছেত্ৰী, ড৹ যতীন চুতীয়া আৰু লক্ষেশ্বৰ তাঁতীয়ে মৰাণ প্ৰেছ ক্লাৱৰ অতিথি চিন্তাৰাম চাহু কৰ্ম জীৱনৰ বিষয়ে জানিব কাৰণে বহুতো প্ৰশ্ন অৱতাৰণ কৰে । মৰাণ প্ৰেছ ক্লাৱৰ সমূহ সদস্যৰ লগতে জাতীয় জনগোষ্ঠী সংগঠনৰ নেতাসকলক পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়। অনুস্থানত উপস্থিত বিশিষ্ট ব্যক্তি সকলে মৰাণ প্ৰেছ ক্লাৱৰ এই কাৰ্যক ভূয়ষী প্ৰশংসা কৰে।শেষত মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙে অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠান সমৰণি মাৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আজি ৰাজ্যৰ ৪ সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটগ্ৰহণ…
- চিচিবৰগাঁও মৌজাৰ মৌজাদাৰ, সমাজকৰ্মী লক্ষীধৰ বৰা দেউৰীৰ ইহলীলা সম্বৰণ ! বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ শোক প্ৰকাশ…
- ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰৰ এইমছ, গুৱাহাটীৰ স্থান পৰিদৰ্শন ! পৰিদৰ্শনৰ পিছত এইমছ গুৱাহাটীৰ অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ অপূৰ্ব চন্দ্ৰৰ…
- ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ভলীবল খেলুৱৈ, খেল পৰিচালক, ৰাজ্যিক ক্ৰীড়া পেঞ্চনাৰ দিলীপ শৰ্মাৰ বিষয়ে যৎকিঞ্চিত…
- ৰাজ্যৰ ৯৬ খন বিদ্যালয় বন্ধৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী আপৰ সভাপতি ভবেন চৌধুৰীৰ…
- নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…
- নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত চাবুৱাৰ হাতীগাধৈ গাঁৱৰ গড়পৰা সত্ৰত অনুষ্ঠিত হ’ল শৰণ পৰ্ব…
- নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…
- কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ! ভাগ্য নিৰ্ণয় হ’ব ১৩৫২গৰাকী প্ৰাৰ্থীৰ…
- মহানগৰীৰ নিচেই কাষত থাকিও যেন তেওঁলোক বহু যোজন দূৰত! কেইজন মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী আৰু কেইগৰাকীমান সমাজ দৰদী লোকৰ বিশেষ উদ্যোগ…