Breaking

মুকলি আকাশৰ তলত-প্ৰাকৃতিক পৰিবেশত “ৰ’দঘাই বেবেজীয়া” ৰ পূৰ্ণাংগ নাট মহোৎসৱৰ প্ৰস্তুতি

0 2,063

গুৰুজনাৰ সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ নগাঁৱৰ নাট্য ঐশ্বৰ্য্য আৰু পৰম্পৰাৰ সৰ্ম্পকে সমগ্ৰ অসমীয়া জাতি নিশ্চিতভাৱেই অবহিত ৷ বহুজন চিৰ নমস্য সুন্দৰৰ পুজাৰী নাট্যশিল্পীৰ ত্যাগ আৰু শিল্প সাধনাৰ বেদীত নিৰ্মিত নগাঁৱৰ নাট্য ঐতিহ্যৰ এখনি সাৰুৱা ক্ষেত্ৰ হৈছে বেবেজীয়া ৷ ২০২০ বৰ্ষত কেইগৰাকীমান নাট্যানুৰাগী তথা নাট্যশিল্পীৰ একান্ত প্ৰচেষ্টাত ন-কৈ ওপজিছিল এটি অনুষ্ঠান “ৰ’দঘাই বেবেজীয়া”৷ যি সকলে নাটক ভালপায়,নাটকক জীৱনৰ উশাস নিশাহ বুলি ভাৱে সেইসকলৰ বাবেই ৰ’দঘাই বেবেজীয়াৰ এই অনুষ্ঠানটিয়ে প্ৰাণপ্ৰায় উঠিছে ৷ সেইউপলক্ষে অহা ৬ আৰু ৭ মাৰ্চত নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বেবেজীয়া যুৰীয়া নামঘৰৰ সমীপৰ মুকলি পথাৰত প্ৰাকৃতিক পৰিবেশত শব্দ পোহৰ বিহীন পূৰ্ণাংগ নাট মহোৎসৱ দুদিনীয়াকৈ দ্বিতীয় বাৰৰ বাবে আৰম্ভ কৰাৰ প্ৰয়াস কৰা হৈছে ৷  “ৰ’দঘাই বেবেজীয়া” ৰ মুকলি পথাৰত উক্ত দুয়োটা দিনতে লোকে লোকাৰণ্য হৈ পৰাৰ আশা প্ৰকাশ কৰি ৰ’দঘাই বেবেজীয়াৰ এই নাট মহোৎসৱৰ সভাপতি তথা বিশিষ্ট অভিনেতা,নাট পৰিচালক প্ৰদীপ শৰ্মাই আৰু সাধাৰণ সম্পাদক ৰঞ্জন হাজৰিকাই জানিব দিয়া অনুসৰি প্ৰথম দিনাৰ  দুপৰীয়া ১ বজাৰ পৰা ৰবিজিতা গগৈৰ পৰিচালনাত জিৰছং থিয়েটাৰ গুৱাহাটীৰ নিবেদন “বান্টি আৰু বাবলি”,পৰিচালক গগন চৌধুৰীৰ ৰংগমঞ্চ নগাঁৱৰ নিবেদন “যন্ত্ৰণা”,পৰিচালক দিপক বৰাৰ অবিনশ্বৰ গোষ্ঠীৰ নিবেদন বুদ্ধুৰাম মঞ্চস্থ হব ৷ ঠিক সেইদৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া ১ বজাৰ পৰা পৰিচালক মৃনাল কুমাৰ বৰা ৰংগালয় পুৰনিগুদামৰ নিবেদন “বহুৱা-the clown”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ অৰিহণা নাট্য গোষ্ঠীৰ নিবেদন “ডাইনিং টেবুল”,পৰিচালক বিশ্বজিত বৰঠাকুৰৰ শতাব্দী নগাঁৱৰ নিবেদন “ক্ষত-বিক্ষত সময়”,পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ নিবেদন নাট্যগোষ্ঠী নগাঁৱৰ “এজন ডাক্তৰ আৰু এজাক কুকুৰ” চাৰিখনকৈ নাট মঞ্চস্থ হব ৷ দুয়োদিনৰ এই নাট মহোৎসৱত সকলো নাট্য প্ৰেমী ৰাইজৰ সহায় সহযোগীতা আৰু উপস্থিতি কামনা কৰিছে ৰ’দঘাই বেবেজীয়াৰ নাট মহোৎসৱ সমিতিয়ে ৷ 

Leave A Reply

Your email address will not be published.