Kiara-Sidharth Malhotra: কিয়াৰা আদৱানী-সিদ্ধার্থ মালহোত্ৰাৰ কন্যাৰ প্ৰথম ফটো…

কিয়াৰা (Kiara-Sidharth Malhotra) আদৱানী-সিদ্ধার্থ মালহোত্ৰাৰ কন্যাৰ প্ৰথমখন ফটো শ্বেয়াৰ সামাজিক মাধ্যমত। বুধবাৰে দম্পতীহালে নিজৰ কন্যাৰ প্ৰথমখন ফটো শ্বেয়াৰ কৰে কন্যাৰ নামৰ সৈতে।

কিয়াৰা আৰু সিদ্ধার্থ মলহোত্ৰাৰ কন্যাৰ নাম ৰাখিলে ‘ছৰায়াহ মলহোত্রা’। Saraayah Malhotra নামটোৰ অৰ্থ- God’s Princess।

ইনষ্টাগ্ৰাম পোষ্টত নতুন পিতৃ-মাতৃয়ে প্ৰকাশ কৰে যে তেওঁলোকে নিজৰ কন্যাৰ নাম ছৰায়াহ মালহোত্ৰা ৰাখিছে। কিয়াৰা আৰু সিদ্ধাৰ্থৰ হাতৰ তলুৱাত কেঁচুৱাটিৰ সৰু সৰু ভৰি দুখন জিৰণি লৈ থকা এখন ফটো শ্বেয়াৰ কৰি দম্পতীহালে লিখিছে, “আআমাৰ ঐশ্বৰিক আশীৰ্বাদ, আমাৰ ৰাজকুমাৰী, ছৰয়াহ মালহোত্ৰা।”

নাম প্ৰকাশ কৰা পোষ্টটোত তেওঁলোকৰ গৰ্ভাৱস্থাৰ ঘোষণাৰ প্ৰতিফলন ঘটিছে, য’ত তেওঁলোকৰ হাতত এযোৰ সৰু বেবী মোজা দেখা গৈছিল। এইবাৰ আকৌ সেই একেযোৰ মোজাকে ছৰয়াহ ভৰিত দেখা গৈছে।

২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহ হয়। এই বছৰৰ ফেব্ৰুৱাৰী মাহত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল।

শ্বেৰশ্বাহত একেলগে কাম কৰা সিদ্ধাৰ্থ আৰু কিয়াৰা বলীউডৰ আটাইতকৈ প্ৰিয় দম্পতীৰ ভিতৰত আছে।

Related Articles