Randeep-Lin: ৪৯ বছৰ বয়সত পিতৃ-মাতৃ হ’ব ৰনদীপ হুদা আৰু লিন লায়শ্ৰম

দ্বিতীয় বিবাহ (Randeep-Lin) বাৰ্ষিকীত অনুৰাগীক এক ভাল খবৰ দিলে বলীউডৰ অভিনেতা ৰনদীপ হুডা আৰু তেওঁৰ পত্নী লিন লাইশ্ৰমে। দম্পতীহালে নিজৰ বাৰ্ষিকীত গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। ২০২৫ চনৰ “জাত” ছবিৰ অভিনেতা ৰনদীপ হুদা আৰু তেওঁৰ পত্নী লিন লায়শ্ৰমৰ মাজলৈ আহিব নতুন আলহী। ছ’চিয়েল মিডিয়া একাউণ্ট ইনষ্টাগ্ৰামত এখন মৰমলগা ফটো শ্বেয়াৰ কৰি এক অনন্য ধৰণেৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰে দম্পতীহালে। আজি ২৯ নৱেম্বৰত তেওঁলোকৰ দ্বিতীয় বিবাহ বাৰ্ষিকীত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে দম্পতীহালে। ইয়াৰ পিছতে অনুৰাগী আৰু বহু চেলিব্ৰিটিয়ে দম্পতীহালক আন্তৰিক অভিনন্দন জনাইছে।

পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগী আৰু চেলিব্ৰিটিসকলে দম্পতীহালক অভিনন্দন দিছে। ২০২৩ চনত এক অন্তৰংগ সাংস্কৃতিক মণিপুৰী অনুষ্ঠানত ৰনদীপ হুডা আৰু লিন বিবাহপাশত আবদ্ধ হয়।তেতিয়াৰ পৰা এই দম্পতী অনুৰাগীৰ প্ৰিয় হৈয়েই আছে। খবৰ অনুসৰি, লকডাউনৰ সময়ছোৱাত লিন আৰু ৰণদ্বীপ একেলগে থাকিবলৈ আৰম্ভ কৰিছিল আৰু ২০২২ চনত ছ’চিয়েল মিডিয়াত তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল।২০২৩ চনৰ ২৯ নৱেম্বৰত মণিপুৰৰ ইম্ফলত পৰম্পৰাগত মেইটেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পিছত মুম্বাইত এক বৃহৎ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয়।

Related Articles