চাহ শ্ৰমিকক মাটিৰ পট্টা: বাগিচাই বাগিচাই চাৰিজনীয়া কমিটী…

অতি সোনকালেই বাগিচাৰ চাহ শ্ৰমিকৰ হাতত বিজেপি চৰকাৰে তুলি দিব মাটিৰ পট্টা । তাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । ৰাজ্যপালে অনুমোদন জনালেই যাতে বাগিচাৰ মাটি চৰকাৰলৈ হস্তান্তৰ হয় তাৰ বাবে মঙলবাৰে জিলা আয়ুক্তসকলৰ সৈতে জৰুৰী বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷

মুখ্যমন্ত্ৰীয়ে বুধবাৰে গুৱাহাটীত কয়, “চাহ বাগিচাৰ মাটিৰ পট্টাৰ বিষয়টোত মঙলবাৰে আমাৰ জিলা উপায়ুক্তৰ লগত এখন সভা হৈছিল । প্ৰত্যেকখন বাগিচাত একোখন চাৰিজনীয়া কমিটী গঠন কৰা হ’ব ৷ সেই চাৰিজনীয়া কমিটীখনে শ্ৰমিকসকলৰ আৱেদন-পত্ৰ সংগ্ৰহ কৰাত সহায় কৰিব । কাৰণ মাটি-বাৰীৰ সবিশেষ থাকিব, সেইবোৰ পূৰাব লাগিব । সেই কামখিনি কমিটীখনে কৰি দিব । ৰাজ্যপালৰ অনুমোদন পোৱাৰ লগে লগে বাগিচাৰ পৰা চৰকাৰলৈ হস্তান্তৰ হোৱা প্ৰক্ৰিয়াটো যাতে সোনকালে সম্পূৰ্ণ কৰিব পাৰি তাৰ বাবেও আমি জিলা আয়ুক্তসকলক মঙলবাৰে নিৰ্দেশ দিছোঁ ।”

তেওঁ লগতে কয়, “আঠশ বাগানত একেলগে ছাৰ্ভে কৰাটো সম্ভৱ নহয় । সেয়ে পৰ্যায়ক্ৰমে যাতে বাগিচাসমূহত তেওঁলোকে ছাৰ্ভে কৰি এটা নিদিৰ্ষ্ট সময়ৰ ভিতৰত প্ৰক্ৰিয়াটো শেষ কৰে তাৰ বাবে কালি মঙলবাৰে আয়ুক্তসকলৰ লগত আলোচনা কৰিছে অসম চৰকাৰে ।”

Related Articles