কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা নাই !

অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া লোকৰ প্ৰতি অসম চৰকাৰ আৰু আমাৰ দল সদায় দায়বদ্ধ। ছয় জনজাতি ক্রমে মৰাণ, মটক, আহোম, চুতিয়া, কোঁচ আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানত ভাৰতীয় জনতা পার্টিয়ে সমর্থন কৰে। সংবাদমেলযোগে এই মন্তব্য প্রদান কৰি প্ৰদেশ বিজেপিৰ মুখপাত্র ড০ দেৱজিৎ মহন্তই কংগ্ৰেছক সমালোচনা কৰি কয় যে, কংগ্ৰেছৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ প্ৰতি সদইচ্ছা নাই, থকা হ’লে এন ডি এ মিত্রজোঁটৰ অগপ দলৰ ৰাজ্যসভাৰ সাংসদ বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যোৱা ২ ডিচেম্বৰত ছয় জনজাতিৰ জনজাতিকৰণৰ সমর্থনত যেতিয়া সংসদত বক্তব্য আগবঢ়াইছিল তেতিয়া কংগ্রেছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনক (এছ আৰ) ইচ্ছ্যু হিচাপে লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। এই ক্ষেত্ৰত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ তথা অসমৰ কংগ্ৰেছ সাংসদসকলৰ জনজাতিকৰণ সম্বন্ধত নিৰৱ ভূমিকাই জনজাতিকৰণৰ বিৰোধিতাৰ স্থিতিকে স্পষ্ট কৰে।

সংবাদমেলত ড০ মহন্তই ছাৰৰ বিৰোধিতা কৰি মিঞাপ্রীতি কৰাতকৈ গৌৰৱ গগৈয়ে জনজাতিকৰণৰ বাবে সংসদত মাত মাতক বুলি বক্তব্য আগবঢ়াই। গৌৰৱ গগৈয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্রীগোটৰ প্রতিবেদনক ভুৱা আখ্যা দি ছটা জনজাতিকে অপমাণ কৰিছে। যদি গৌৰৱ গগৈ বা অসম কংগ্ৰেছৰ হাতত জনজাতিকৰণ কিবা নতুন মডেল বা নীতি বা পৰিকল্পনা আছে সেয়া ৰাজহুৱাভাৱে ঘোষণা কৰক। গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ১৫ বছৰ আৰু হিতেশ্বৰ শইকীয়াই ৮ বছৰ মুখ্যমন্ত্রী আছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে আহোম সম্প্ৰদায়ৰ। আহোমসকলৰ জনজাতিকৰণৰ বাবে দুয়োগৰাকী মুখ্যমন্ত্রীয়ে একো পদক্ষেপেই লোৱা নাছিল বুলি সংবাদমেলযোগে ড০ মহন্তই অভিযোগ আনে। যদি গৌৰৱ গগৈৰ জনজাতিকৰণৰ প্ৰতি সদইচ্ছা আছে তেনেহ’লে গৌৰৱ গগৈয়ে ছটা সংগঠনৰ নেতৃত্বক লৈ চৰকাৰৰ সৈতে আলোচনাৰ প্ৰস্তাৱ নিদিয়ে কিয়?

যদি সদইচ্ছা আছে মিঞাপ্রীতি এৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে সংসদৰ শীতকালিন অধিৱেশনত মাত মাতক গৌৰৱ গগৈয়ে। যোৱাকালি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অসমৰ বিজেপি সাংসদ সকলৰ সৈতে হোৱা বৈঠকত অসমৰ সাংসদসকলক উন্নয়নমূলক কাম-কাজক লৈ ২৬ ৰ নিৰ্বাচনৰ সন্মুখীন হোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়। একে দিনাই নিখিল ভাৰত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত আয়োজিত সভাত মিত্ৰতাৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত লোৱাত ব্যর্থ হয় কংগ্ৰেছ। কংগ্ৰেছ কেৱল মাত্র ২২ টা সংখ্যালঘু অধ্যুষিত সমষ্টি আৰু যিবিলাক সমষ্টিত ৩০ শতাংশতকৈ অধিক সংখ্যালঘু ভোটাৰ আছে সেইবিলাক সমষ্টিত বেছি মনোনিবেশ কৰাৰ বাবে কংগ্ৰেছৰ বৈঠকত পৰামৰ্শ আগবঢ়ায়। ইয়ে প্ৰমাণ কৰে কংগ্ৰেছৰ ভূমিপুত্ৰ অধ্যুষিত সমষ্টিসমূহত কোনো গণভিত্তি নাই। বিপৰীতে আমাৰ দল আৰু চৰকাৰে জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ সংকল্পৰে সদায় ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু ভৱিষ্যতেও জনতা জনার্দনৰ আৰ্শীবাদত কাম কৰি যাব।

Related Articles