নিৰ্বাচনৰ আগমুহূৰ্ততে কংগ্ৰেছত টিকট বণ্টনক লৈ নতুনকৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ। আজি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা বিস্ফোৰক মন্তব্যই এই বিতৰ্কক আৰু তীব্ৰ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীৰ মতে, কংগ্ৰেছৰ ২২টা সমষ্টিত টিকটৰ দাম এক কোটিৰ পৰা ১০ কোটি টকাৰ মাজত উঠা–নমা কৰিছে। তেওঁ অভিযোগ, “বিশেষকৈ মিঞা সমষ্টিতেই এই দৰ–দাম বেছি চলি আছে। কংগ্ৰেছী দালালে এক কোটিকৈ এডভাঞ্চ লৈছে। অহা ১৪ তাৰিখে দিল্লীত মিটিং পাতিছে, তাত টিকট বিচৰাসকলক মানুহ লৈ যাবলৈ গৌৰৱ গগৈয়ে কৈছে।”
এই অভিযোগৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ফোন–টেপিঙে কংগ্ৰেছৰ অভ্যন্তৰীণ সংকটক অধিক উন্মোচিত কৰিছে। টেপিঙটো মঙ্গলদৈৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে নিজে শ্বেয়াৰ কৰাৰ পিছতেই বিষয়টোৱে ৰাজ্যিক ৰাজনীতিত ব্যাপক আলোড়নৰ সৃষ্টি কৰে। ফোন–টেপিঙটোৰ কথোপকথনত সংখ্যালঘু সমষ্টিৰ এজন সম্ভাব্য প্ৰাৰ্থীক টিকট দিবৰ বাবেই ১০ লাখ টকা আগধন দাবী কৰা বাৰ্তা স্পষ্ট শুনা যায়। মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আৰু ভাইৰেল ফোন–টেপিঙ দুয়োটা মিলি কংগ্ৰেছৰ নেতৃত্বক কঠিন পৰিস্থিতিত পেলাইছে। যেতিয়া দলটোৱে নিৰ্বাচনী কৌশল গঢ়িব লাগিছিল, সেই সময়তেই টিকট কেনেকৈ আৰু কাক বিক্ৰী হ’ব—সেই বিষয় এতিয়া ৰাজনৈতিক কথোপকথনৰ কেন্দ্ৰবিন্দু।

