যোৰহাটত ‘অসম কাব্য কানন’ৰ অষ্টম বাৰ্ষিক অধিৱেশন সম্পন্নঃ কিশোৰ মনজিত বৰাক “কাব্যম বঁটা” প্ৰদান

‘অসম কাব্য কানন’ৰ অষ্টম বার্ষিক অধিৱেশনখনি আজি দিনজোৰা কাৰ্যসূচীৰে যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অসম কাব্য কাননৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অসীম দত্তই। পতাকা উত্তোলন কৰি তেওঁ কাব্য কাননৰ অতীত বৰ্তমানৰ লগতে কাব্য কাননে বিগত বৰ্ষ সমূহত কৰি অহা খতিয়ান দাঙি ধৰে। ইয়াৰ পাছতেই মহানায়ক জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতী আৰু আদৰণি সমিতিৰ সভাপতি মৃণালিনী গোস্বামীয়ে। ইয়াৰ পিছতেই অষ্টম বাৰ্ষিক অধিৱেশন উপলক্ষে ৮ গছি বন্তি প্রজ্বলন কৰে ক্ৰমে মাধুৰী শৰ্মা সভাপণ্ডিত, পৰাণ বৰুৱা, গিৰিজা শৰ্মা, অমৰ বৰুৱা, বন্দনা সন্দিকৈ, ৰূপাৰাণী দেৱী, ৰুণিমা বৰুৱাই আৰু ক্ষীৰোদ দাসে।

দ্বীপেন হাজৰিকা, বিশ্বজিৎ গগৈ, আচমা জাফ্ৰি, ৰূপেন দাস, মিনতি বৰঠাকুৰ, উৎপল কলিতা, অনামিকা ৰায়ে স্মৃতি তৰ্পণ কৰাৰ পাছতে কবিতাৰ মেল উদ্বোধন কৰে কাননৰ উপদেষ্টা জয়ন্ত কুমাৰ বৰ্মনে। যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটি সঞ্চালনা কৰে কাননৰ উপদেষ্টা পবিত্ৰ কুমাৰ নাথে। কবিতা মেলৰ প্ৰথম সত্ৰত ত্ৰিশ গৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে। ইয়াৰ পাছতে অসম কাব্য কাননৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা আৰু কাব্যম বঁটা প্ৰদান অনুষ্ঠানটি আঁত ধৰে অসম কাব্য কাননৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসম সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ আহ্বায়ক নৱ ৰাজনে । অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে ভাৰ্চুৱেলী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাৰগৰ্ভ বক্তব্য প্ৰদান কৰা সভাখনত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক তথা সাংবাদিক দুলাল নাথ, অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক তথা কবি-অভিনেতা শংকুসিদ্ধ নাথ, যোৰহাট জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি তথা লেখক উত্তম কুমাৰ হাজৰিকাৰ লগতে ক্ৰমে কবি ভৈৰৱ গোহাঁই, সাংবাদিক অজন্ত কুমাৰ বৰা, কবি বন্দনা কৌশিক বৰদলৈ, লেখিকা দেৱযানী মহন্ত আৰু লেখক মদন মোহন পাগবন্ধাক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ, গামোচা, অংগ বস্ত্ৰৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক কবি ড° জ্যোতিৰেখা হাজৰিকাই ‘আমাৰ কাব্যকানন’ শীৰ্ষক জুবিন গাৰ্গ বিষয়ক মুখপত্ৰ উন্মোচন কৰি নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে। অসম কাব্য কাননৰ উপদেষ্টা প্ৰদীপ চন্দ্ৰ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সভাখনত কিশোৰ মনজিৎ বৰাক কাব্যম বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে কাব্যম বঁটাৰ লগত আছে নগদ পঁচিশ হাজাৰ টকা। আদৰণী সমিতিৰ সভাপতি মৃণালিণী গোস্বামীয়ে আদৰণি ভাষণ আগবঢ়োৱা মুকলি সভাত উদ্দেশ্য ব্যাখ্যা কৰে কাননৰ সম্পাদক অৰ্চনা ঠাকুৰীয়াই। ইয়াৰ পিছতে কবি ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবিতা মেলৰ দ্বিতীয় সত্ৰ উদ্বোধন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ নাথ হাজৰিকাই। হেমচন্দ্ৰ শইকীয়া, মাধৱ চন্দ্ৰ মহন্ত, কবি ডাঃ প্ৰাঞ্জলজ্যোতি দত্ত, পিংকুমণী তামূলী, জোনা দত্ত, সংগীতা বৰা, বুলবুলি বৰকটকী, উৎপল কলিতা প্ৰমুখ্যে বহুসংখ্যক কবি সাহিত্যিক উপস্থিত থকা কবিতাৰ মেলত ৩২ গৰাকী আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে । সদৌ শেষত জাতীয় সংগীত পৰিৱেশনৰে অনুষ্ঠানৰ সামৰণি পৰে।।

Related Articles