চামতাত চিইচিৰ নতুন শাখা মুকলি । CEC

CEC । অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ৩১তম বৰ্ষ সম্পূৰ্ণ কৰা অসমৰ এক অগ্ৰণী শিক্ষানুষ্ঠান চিইচিৰ এটি শাখা আজি নলবাৰী জিলাৰ চামতাত উদ্বোধন কৰা হয়৷ নলবাৰীৰ মাননীয় জিলা আয়ুক্ত শ্ৰীযুত নিবেদন দাস পাটোৱাৰীদেৱে আনুষ্ঠানিকভাৱে এই কেন্দ্ৰটো উদ্বোধন কৰে৷ এই উদ্বোধনী অনুষ্ঠানটিত চি ই চি প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তদেৱৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উল্লেখ্য যে চিইচিৰ ইতিমধ্যে অসম তথা উত্তৰ পুৰ্বাঞ্চলত চিইচিৰ ১৭৫টাতকৈয়ো অধিক শাখা আছে আৰু বৰ্তমানলৈ ছয় লাখতকৈও অধিক ছাত্ৰছাত্ৰীয়ে চিইচিত নিজৰ পাঠ্যক্ৰম সমাপ্ত কৰিছে৷ বহুকেইটা অত্যাধুনিক কম্পিউটাৰেৰে স্থাপন হোৱা চিইচিৰ এই শাখাটোৱে কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহ থকা ছাত্ৰ-ছাত্ৰীসকলক চিইচিৰ মুখ্য কাৰ্য্যালয়ৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এআই), ৰবটিক্স, ভ্লগিং, ব্লগিং, থ্ৰীডি গ্রাফিক্স, স্পকেন ইংলিছ আদিকে ধৰি বিভিন্ন বৃত্তিমুলক পাঠ্যক্ৰম আগবঢ়াব। এই পাঠ্যক্ৰমসমূহে ছাত্ৰ-ছাত্ৰীসকলক আজিৰ দ্ৰুতগতিত বিকশিত হোৱা প্ৰযুক্তিগত পৰিৱেশত পাৰদৰ্শিতা দেখুৱাবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সমৃদ্ধ কৰিব পাৰিব বুলি আশা কৰা হৈছে৷

এই অনুষ্ঠানত চি ই চি প্ৰতিষ্ঠানৰ প্ৰতিস্থাপক সভাপতি শ্ৰীযুত দীপাংকৰ দত্তই কয় “আমাৰ লক্ষ্য হৈছে যে অসম তথা উত্তৰপুৱৰ সকলো অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও যাতে উন্নতমানৰ প্ৰযুক্তিৰ বিষয়ে ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰে৷ ইতিমধ্যে অসম তথা উত্তৰপূৱৰ জনসাধাৰণে চিইচি কেন্দ্ৰসমূহক সৃষ্টিশীলতা আৰু জ্ঞানৰ স্থান হিচাপে আকোৱালি লৈছে৷ চিইচিৰ কেন্দ্ৰসমূহৰ জৰিয়তে উন্নতমানৰ পাঠ্যক্ৰম প্ৰদান কৰি অসম তথা উত্তৰপুৱৰ দূৰৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰযুক্তিগত ব্যৱধান দূৰ কৰাৰ লক্ষ্যেৰে আমি যোৱা একত্ৰিশ বছৰে কাম কৰি আছো৷”

অসমৰ এক থলুৱা প্ৰতিষ্ঠান চিইচিয়ে ইতিমধ্যে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত দেশৰ বহুকেইটা বহুজাতিক প্ৰতিষ্ঠানৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে তথা উন্নত মানৰ কম্পিউটাৰ আৰু বৃত্তিমুখী শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত আগৰণুৱা বুলি বিবেচিত হৈছে৷ চি ই চিয়ে অসমৰ কাৰিকৰী শিক্ষাৰ ইতিহাসত যথেষ্ঠ গুৰুত্বপুৰ্ণ অৱদান তথা নিৱনুৱাৰ সংস্থাপনৰ ক্ষেত্ৰতো যথেষ্ঠ গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে৷

Related Articles