আজি বিলাসীপাৰা সম জিলাৰ বিলাসীপাৰা ন্যায়িক দণ্ডাধীশ আদালত কাৰ্যালয়ৰ উকিল সন্থাৰ ২০২৬-২৭ বৰ্ষৰ নিৰ্বাচন বিলাসীপাৰা উকিল সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।
সন্থাৰ সভাপতি সম্পাদক উপ-সভাপতি আৰু সহ সম্পাদক লৈ চাৰিটা পদত সৰ্বমুঠ ১৩ জন সদস্যই প্ৰতিদ্বন্দিতা কৰে।
সুস্থিৰ পৰিৱে শত মুঠ ৩০১ সদস্য সদস্যাৰ ভিতৰত ২৫৫ জন সদস্য সদস্যাই ভোট দান কৰে। মঙলবাৰে প্ৰায় আবেলি তিনি বজালৈ ভোট দান প্ৰক্ৰিয়াৰ অন্তত সন্ধিয়া ৬ বজাত গণনাৰ অন্ত পৰে।
ভোট গণনাত সহ সম্পাদক হিচাপে ওৱাছিম ইছলাম আৰু আবু হাই ছিদ্দিকুল ইছলাম ওৰফে আপেল উপ সভাপতিৰ পদত হিৰেন চন্দ্ৰ নাথ আৰু জাহাঙ্গীৰ আহমেদ, সম্পাদক হিচাপে মুহুৰ উদ্দিন ১৫৩ ভোটৰ ব্যৱধানত জাহানুৰ ইছলাম প্ৰামাণিকক ৫২ ভোটত পৰাস্ত কৰি আৰু সভাপতি হিচাপে হাচানুৰ ৰহমান মোল্লাই ১৪০ ভোট লাভ কৰি ২৭ টা ভোটৰ ব্যৱধানত ৰসিদুল ইছলামক পৰাস্ত কৰি বিজয়ী সাব্যস্ত কৰে।
সভাপতি হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে হাছানুৰ ৰহমান মোল্লা আৰু সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে মুহুৰ উদ্দিনে।

