কলিয়াবৰৰ সৰবৰাহী যুৱক সমীৰ গোস্বামীৰ অকাল মৃত্যু। যোৱা ১৭ জানুৱাৰীত এক দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে। কলিয়াবৰৰ উলুৱনী গাঁৱৰ শ্ৰীশ্ৰীগোৱিন্দ এলেঙী সত্ৰত জন্মগ্ৰহণ কৰা সমীৰ গোস্বামী স্থানীয় সাংস্কৃতিক, ক্ৰীড়া তথা সামাজিক ক্ষেত্ৰখনৰ এগৰাকী চিনাকি যুৱক আছিল। তেওঁ এগৰাকী সুদক্ষ ঢুলীয়াৰ লগতে বিহু গীতো ৰচনা কৰিছিল।
ভাওনা আৰু নাটকৰ লগতো জড়িত আছিল সমীৰ গোস্বামী। কলিয়াবৰৰ কেইবাটাও বিহু দলৰ সক্ৰিয় সদস্য সমীৰ গোস্বামীয়ে ১৯৯৫ চনত চেন্নাইৰ ছাউথ এছিয়ান গেমছৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিহু দলৰ এগৰাকী ঢুলীয়া হিচাপে প্ৰতিনিধিত্ব কৰিছিল। তদুপৰি, উলুৱনীৰ সপ্তৰ্ষী পুথিভঁৰাল আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু শ্ৰীশ্ৰীগোৱিন্দ কলাক্ষেত্ৰৰ এগৰাকী কলা-কুশলী ৰূপে অসম তথা বহিংৰাজ্যতো ভাওনা পৰিৱেশন কৰিছিল।
তেওঁ মঞ্চ নাটকৰ লগতো জড়িত আছিল। অসম নাট্য সন্মিলনৰ সক্ৰিয় সদস্য হোৱাৰ লগতে অভিনৱ আৰু পূৰ্বোদয় সঙ্ঘ, সুৰক্ষা সঞ্চয়ৰ এগৰাকী সদস্য হোৱাৰ উপৰি সমীৰ গোস্বামীয়ে ফুটবল, বেডমিণ্টন, কেৰম আৰু ক্ৰিকেট খেলতো প্ৰতিভাৰ উমান দিছিল। সমীৰ গোস্বামীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

