নগাঁৱৰ কচুৱাৰ চানখোলাত সম্বৰ্ধনা অনুষ্ঠান। মহিলা গোটৰ দ্বাৰা এই সম্বৰ্ধনা অনুষ্ঠান। কিছুদিনৰ আগতে ভাৰত চৰকাৰৰ অধীনত বীৰ সেনানীত ভৰ্তি হোৱা ৪জনকৈ যুৱকক আদৰণি জনায় ধৰিত্ৰী CLF গোটৰ অধীনস্থ হালধাৰীবাৰী মিলনজ্যোতি আত্মসহায়ক গোটে।
CISF, BSF আৰু CRPOত ভৰ্তি হ’বলৈ সুযোগ পোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আনহাতে গোটৰ এনে পদক্ষেপক সকলোৱে এতিয়া একেমুখে প্ৰশংসা কৰিছে।
উল্লেখ্য যে বীৰ সেনানীত যোগদান কৰি ভাৰত মাতৃৰ সেৱা যাতে ভালদৰে কৰিব পাৰে তাৰে কামনা কৰিছে অঞ্চলটোৰ ৰাইজে।

