AASU: শিক্ষানুষ্ঠান, ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগেঃ আছু

শিক্ষানুষ্ঠান, (AASU) ক্ৰীড়া পৰিচালনাৰ দায়িত্ব ৰাজনৈতিক ব্যক্তিক নিদি শিক্ষাবিদ আৰু ক্ৰীড়াবিদক দিব লাগে। কৃষক শ্বহীদসকলক ৰাষ্ট্ৰীয় মৰ্যদা দিব লাগে। খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম হিচাপে লৈছে। ক্ৰীড়াকো আমি সংগ্ৰাম হিচাপে লৈছোঁঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য।

নলবাৰীত যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেন সোঁৱৰণী আন্ত: জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতা আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ভলীবল প্ৰতিযোগিতা।

সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া নীতিৰ আধাৰত অনুষ্ঠিত হৈ অহা যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেন সোৱৰণী আন্ত: জিলা আছু স্বৰ্ণকাপ ভলীবল প্ৰতিযোগিতাখন এইবেলি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰীবাসী ৰাইজৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যক্ৰমনিকাৰে চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে ভলিবল প্ৰতিযোগিতা। ইতিমধ্যে নলবাৰীত উপস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য , সভাপতি উৎপল শৰ্মা , সাধাৰণ সম্পাদক সমীৰন ফুকন ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য্য। ৰাতিপুৱা ১১বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্য্য , সাধাৰণ সম্পাদক সমীৰণ ফুকনে ৷ যুৱ বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুইছেনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিনী নাৰ্জি হুইছেন চৌধুৰী। ভোৰতাল নৃত্য, মহোহো গীত পৰিৱেশনেৰে এক আকৰ্ষণীয় পৰিবেশৰ সূচনা হয় চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত।

Related Articles