যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে

হিতেন গোস্বামীৰ প্ৰতি মোহভংগ যোৰহাটবাসীৰ

ৰাজ্যৰ বিধান সভা নিৰ্বাচনলৈ মাজত আৰু মাথো দুটা মাহ বাকী থকা সময়ত প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাব ধৰিছে ৰাজনৈতিক তৎপৰতা | যোৰহাট জিলাটো দিনক দিনে বৃদ্ধি পাইছে প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা সকলৰ কুচকাবাজ | এই কুচকাবাজৰ মাজতে যোৰহাটবাসীয়ে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে জনপ্ৰতিনিধি এজন কেনেকুৱা হ’ব লাগে অথবা বৰ্তমানৰ জনপ্ৰতিনিধিৰ ভুমিকা আৰু দক্ষতা | বৰ্তমানৰ যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যক আলোচনাৰ মুল বিষয় হিচাপে লৈছে ৰাইজে | উক্ত সাক্ষাৎকাৰত পৰোক্ষ ভাৱে বিধায়ক জনে তেওঁৰ কাম কৰিবলৈ থাকি যোৱা বুলি স্বীকাৰ কৰা পৰিলক্ষিত হৈছিল | বিধায়ক গোস্বামীয়ে পূৰ্বে নিৰ্বাচন নেখেলে বুলি মন্তব্য কৰিছিল আৰু নৱ প্ৰজন্মক সুযোগ দিব লাগে বুলি কৈছিল | কিন্তু তাৰ পৰৱৰ্তী সময়ত তেওঁ স্পষ্ট মন্তব্য কৰিছিল যে সমষ্টিটোৰ বাবে তেওঁৰ বহু কৰিব লগীয়া কাম আছে সেয়ে তেওঁ আগন্তুক নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দীতা আগবঢ়াব | আনহাতে যোৰহাট বিধান সভা সমষ্টিত বিজেপি দলৰ সিদ্ধাংকু অংকুৰ বৰুৱা, কংগ্ৰেছ দলৰ যুৱ নেতা কৃশানু বৰুৱা প্ৰাৰ্থীত্বৰ দাবীদাৰ |

এনে সময়ত এতিয়া যোৰহাট সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰীক এক সংঘাটৰ সৃষ্টি হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি | যদি হিতেন গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকাল চোৱা হয় তেন্তে যোৰহাট সমষ্টিৰ ভিতৰত যি সমৃহ উন্নয়ন মুলক কাম হৈছে সকলো বোৰ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে ৰূপায়ন কৰিছে | সেয়েহে বিধায়ক জনে নিজাববীয়াকৈ কোনো উন্নয়ন মুলক আচনি আৰম্ভ কৰিব নোৱাৰিলে | বিধায়ক জনে সততে উন্নয়নৰ কথা কয় যদিও প্ৰকৃততে কিমান আছনি ৰূপায়ন‌ কৰিলে তাক লৈ আলোচনা কৰিছে | ইয়াৰোপৰি সাধাৰণ ৰাইজৰ পৰা এক দূৰত্ব বজাই ৰখা বিধায়ক বুলি সৰ্মজন বিদিত হিতেন্দ্ৰ নাথ গোস্বামীৰ ৫ বছৰীয়া কাৰ্য্যকালৰ হিচাপ লবলৈও সাজু হৈছে ভোটাৰ সকল | আনহাতে নিজৰ দক্ষতা আৰু জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি কৰিবলৈ চেষ্টা চলাই আছে বিজেপি দলৰ যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা | বৰুৱাই যোৰহাট সমষ্টত ইতিমধ্যে ঘৰ ঘৰে গৈ নিজৰ স্থিতি সৱল কৰিবলৈ কাম কৰি থক পৰিলক্ষিত হৈছে | ইতিমধ্যে ৫ টা কাৰ্য্যকাল যোৰহাট বিধান সভা সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা বৰ্তমন বিধাষক জনক প্ৰাৰ্থীত্ব প্ৰত্যাৰৰৰ দাবী তুলিছে সাধাৰণ ৰাইজে | সমান্তৰালভাৱে যোৰহাটৰ ৰাজনীতিত দেখা পোৱা গৈছে বিৰোধী দলৰ এজন যুৱ নেতা কৃশানু বৰুৱাক | কেৱল নিৰ্বাচনৰ সময়ত নহয় বিগত ৪ বছৰ ধৰি ৰাইজৰ কাষত থাকি নীৰৱে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি অহা কৃশানুৰ নামটো উচ্চাৰিত হৈছে যোৰহাটবাসীৰ মুখত | যোৰহাট সমষ্টিত যিহেতু আন ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি ইমান বেছি সুদৃঢ় নহয় সেয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপি দুটা দলৰ মাজতেই হ’ব অস্তিত্ব ৰক্ষাৰ যুজ খন | লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পক্ষত জনাদেশ আছিল যদিও তাৰ পিছতে অনুস্থিত হোৱা পঞ্চায়ত নিৰ্বাচনত মুখ থেকেচা খাইছিল কংগ্ৰেছ দলে | গতিকে আগন্তুক নিৰ্বাচনত দুয়োটা দলে সকলো দিশ চালিজাৰি চাই প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেয়া নিশ্চিত |

Related Articles