মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত চিলাৰায় দিৱস উদযাপন । কোচ ৰাজবংশীক বিধানসভা নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ দাবী

অসম বিধানসভাৰ নিৰ্বাচনৰ আগতে অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যদা দিব লাগিব। অন্যথা কোচ ৰাজবংশী সকলে ব্যাপক গণ আন্দোলন গঢ়ি তুলিব। আজি নগাঁও শ্বহীদ ভবনত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৬ সংখ্যক জন্ম জয়ন্তী উৎসৱৰ মুকলি সভাত এই ঘোষণা কৰে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই। সন্থাৰ নেতৃত্বই মন্তব্য কৰে যে কোচ ৰাজবংশীকে ধৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতীয় কৰণৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আহিছে। এইবাৰ চৰকাৰক তেনে সুযোগ দিয়া নহব বুলি মন্তব্য কৰি সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকাই কয় যে বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব। আজি পুৱা পতাকা উত্তোলনৰে চিলাৰায় দিৱসৰ শুভাৰম্ভ কৰে মধ্য অসম কোচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকাই।

মধ্য অসম কোত ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি হেমকান্ত ডেকাই। চিলাৰায় প্ৰতিমুৰ্তিত মাল্যপ্ৰদান কৰে চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপ বৰাই। শ্বহীদ বেদীত পুস্পাঞ্জলি অৰ্পন কৰে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে। উদযাপন সমিতিৰ সম্পাদক বিশাল বৰাই বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিয়লি সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনী মোহন ডেকাই বীৰ চিলাৰায়ৰ জীৱন দৰ্শনৰ ওপৰত এক মননশীল ভাষণ প্ৰদান কৰি কয় যে চিলাৰায় এগৰাকী যুগনায়ক আছিল। তেওঁৰ দুৰদৰ্শী দৃষ্টিভংগী অতুলনীয় আৰু মনকৰিবলগীয়া। ডেকাই ভাষণ প্ৰসঙ্গত নৱ প্ৰজন্মক চিলাৰায়ৰ আদৰ্শক অনুকৰণ কৰিবলৈ আহ্বান জনায়। সভাত মুখ্য অতিথিৰ ভাষণত প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাই বীৰ চিলাৰায় আৰু কোচ ৰাজবংশী সকলৰ ইতিহাস ব্যাখ্যা কৰি কয় যে চিলাৰায়ৰ দৃষ্টিভংগী দুৰদৰ্শী আৰু সবল আছিল। অসমৰ সকলো খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ ডা : চমুৱাই দাবী জনাই। সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল কুমাৰ ৰাজবংশীয়ে আতধৰা সভাত অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা ,যুৱ সমাজকৰ্মী উদিপ্ত নাৰায়ণ ৰাজা , জেষ্ঠ সাংবাদিক কনক হাজৰিকা , সমাজকৰ্মী অনুপ লস্কৰ , নগাঁও জিলা চুতীয়া যুৱ সন্মিলনীৰ সভাপতি মুন কাকতি , সম্পাদক পংকজ বৰা, সদৌ নগাঁও জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি ফণীন্দ্ৰ গগৈ ,আক্ৰাছুৰ উপসভাপতি দিলীপ ডেকা আদিয়ে ভাষণ প্ৰদান কৰে। আদৰণি সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপ বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাত কোচৰাজবংশীৰ শিল্পী সকলে নৃত্য গীত পৰিবেশন কৰে। সভাতেই সন্থাৰ তৰফৰ পৰা মধু বৰাক চিলাৰায় সমন্বয় বটা আৰু ড: কেশৱ বৰাক চিলাৰায় সাহিত্যিক বটা প্ৰদান কৰা হয়। সভাত নগাঁৱৰ জেষ্ঠ সাংবাদিক জীতেন বৰকটকী ,কনক হাজৰিকা ,পলাশ প্ৰতীম হাজৰিকা , ভাস্কৰ জ্যোতি শইকীয়া , তপন কুমাৰ বৰা ,বীৰেণ বৰা ,জ্যোতিপ্ৰসাদ বৰা ,ভাৰ্গৱ হাজৰিকাক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়।

Related Articles