তামুলপুৰৰ লতিবাৰীত বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক বিপুল সম্বৰ্ধনা

তামুলপুৰ জিলাৰ লতিবাৰীৰ জাজিকোণাত আজি বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীক স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ দ্বাৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ স্থানীয় জ্যেষ্ঠ নাগৰিক ভগী কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনৰ আঁতধৰে দুলাল পাটোৱাৰীয়ে ৷ সম্বৰ্ধনা সভাত অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱীৰ শৈশৱৰ পৰা সংগ্ৰাম কৰি অভিজ্ঞতা সঞ্চয় কৰি নিজে এজন উদ্যমী মহিলা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে ৷

উদ্যোগৰ ক্ষেত্ৰত যথেষ্ট অভিজ্ঞতা পুষ্ট হেমপ্ৰভা দেৱীক তেওঁ মহিলা সবলীকৰণৰ জৰিয়তে মহিলা সকলক আগবঢ়াই লৈ যাবলৈ সভাত আহ্বান জনায় ৷ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা সম্বৰ্ধনা সভাত বিপিএফৰ যুৱ নেতা দীগন্ত বেজবৰুৱা,স্থানীয় উদ্যোগী ভৱেন কলিতা,প্ৰসন্ন মেধি আদিয়েও বক্তব্য আগবঢ়ায় ৷ আজিৰ সভাখনত নাগ্ৰীজুলি ব্লক বিপিএফৰ সভাপতি ৰাজু দাস,যুৱ নেতা নৱ কলিতা,কুশল দাস,অনুপম ভৰালী প্ৰমুখ্যে বহুসংখ্যক জ্যেষ্ঠ নাগৰিকেও অংশগ্ৰহণ কৰে ৷

Related Articles