মুকলিৰ পাছতে হেক হ’ল কংগ্ৰেছৰ ৱেৱচাইট who is hbs…হ’ম পেজত ওলাল – Better Luck Next Time Paijaan…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কংগ্ৰেছে আৰম্ভ কৰিছিল who is hbs নামৰ এটা ৱেবছাইট। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে ৱেবছাইটটো উন্মোচন কৰাৰ প্ৰায় এঘণ্টাৰ পিছতেই ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়, “Better Luck Next Time Paijaan…”। এই ঘটনাৰ পিছতেই সামাজিক মাধ্যমত বিষয়টো দ্ৰুতগতিত ভাইৰেল হৈ পৰে। উল্লেখ্য যে, হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক জীৱন আৰু কাৰ্যকাল সম্পৰ্কে তথ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছিল ৱেবছাইটটো। কিন্তু মুকলিৰ প্ৰায় ১ ঘন্টাৰ পাছতে ৱেবছাইটটো হেক হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উক্ত ঘটনাৰ পিছতেই কংগ্ৰেছে তৎক্ষণাত ৱেবছাইটটো বন্ধ কৰি দিয়ে। আনহাতে, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী পীয়ুষ হাজৰিকাই কংগ্ৰেছক কটাক্ষ কৰি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰে। পোষ্টটোত তেওঁ লিখে যে – “কথাত— 4K Ultra HD, কামত— 144p Buffering । কংগ্ৰেছে অলপ আগতে আৰম্ভ কৰিছিল ‘who is hbs’ শীৰ্ষক এটা ৱেবছাইট। পিছে এতিয়া ৱেবছাইটটো খুলিলেই হোমপেজত দেখুৱায়~ Better Luck Next Time Paijaan… । এটা ৱেবছাইট ভালকৈ মুকলি কৰিব নজনা কংগ্ৰেছ দলে আকৌ চৰকাৰ গঠনৰ সপোন দেখে, গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে!”

উল্লেখ্য যে, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াসহ ৪ কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। ৯ ফেব্ৰুৱাৰীত জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল, গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবাদমেলত মিছা, ভিত্তিহীন, অপমানজনক বক্তব্য কৰাৰ বাবে তৰিব গোচৰ তেওঁ। এই কথা সামাজিক মাধ্যম যোগেৰে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় – ‘হিট এণ্ড ৰাণ’ ৰাজনীতিৰ দিন এতিয়া শেষ হ’ল। কংগ্ৰেছৰ হাতত যদি তথ্য আছে আদালতত প্ৰমাণ কৰিক। অন্যথা গান্ধী পৰিয়ালৰ এই অভিযোগ সহ্য কৰা নহ’ব। এই চাৰি নেতাক গান্ধী পৰিয়ালৰ আজ্ঞাবহ ভৃত্য আখ্যা মুখ্যমন্ত্ৰীৰ।

Related Articles