অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা

তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ লবলৈ যোৱাটো হাস্যকৰ । অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈ: মানৱ ডেকা ।

লখিমপুৰৰ কংগ্ৰেছ যাত্ৰাত হোৱা ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাক লৈ আজি বিধায়ক আৱাস গৃহত সংবাদমেল সম্বোধন কৰে বিধায়ক মানৱ ডেকাই। সংবাদমেলত মানৱ ডেকাই কয় যে, স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে প্ৰায় ১০০জন লোকৰ সমাগম ঘটাই প্ৰতিবাদ কৰাটো এক দায়িত্বজ্ঞানহীন পদক্ষেপ। চিকিৎসালয় কোনো ৰাজনৈতিক ৰণক্ষেত্ৰ নহয়; ইয়াত ৰোগী আৰু তেওঁলোকৰ আত্মীয়সকল উপস্থিত থাকে। এনে পৰিস্থিতিত ৰাজনৈতিক উত্তেজনা সৃষ্টিৰ ফলত চিকিৎসা ব্যৱস্থাত বিঘ্ন ঘটিব পাৰে। তেওঁ বিশেষভাৱে সাংসদ গৌৰৱ গগৈৰ উপস্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰে। মানৱ ডেকাৰ অভিযোগ, চিকিৎসা পৰিস্থিতি বুজ লোৱাৰ অজুহাতত দলীয় সমৰ্থকসকলক লগত লৈ উপস্থিত হোৱা ঘটনাই উত্তেজনা বৃদ্ধি কৰে।

তেওঁৰ ভাষ্য মতে, চিকিৎসালয়ত শৃংখলা আৰু শান্তি বজাই ৰখাটো সকলোৰে দায়িত্ব। ৰাজনৈতিক লাভৰ বাবে এনে সংবেদনশীল স্থান ব্যৱহাৰ কৰা উচিত নহয়। লগতে তেওঁ প্ৰশ্ন কৰে যে, মেডিকেল কলেজত ৰাজনৈতিক দলৰ কাম কি? তৰুণ গগৈৰ দিনত লখিমপুৰ মেডিকেল কলেজত এচটাও ইটা নিদিলে, এতিয়া পুত্ৰই পৰিস্থিতি বুজ ল’বলৈ যোৱাটো হাস্যকৰ। ১০০জন মানুহ লৈ ৰেলী কৰিবলৈ কোনোবা যায় নেকি? অসম চৰকাৰৰ অধীনত থকা মেডিকেল কলেজখনক লৈ সংসদত কি প্ৰশ্ন কৰিব গৌৰৱ গগৈয়ে? ইফালে, চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীৰ সন্দৰ্ভত হোৱা মন্তব্যক লৈও তীব্ৰ সমালোচনা কৰে বিধায়ক মানৱ ডেকাই। তেওঁ কয় যে, চিকিৎসা খণ্ডত নিয়োজিত কৰ্মচাৰীসকলৰ সন্মান অক্ষুণ্ণ ৰখাটো অত্যাৱশ্যক, আৰু যিকোনো অপমানসূচক মন্তব্য গণতান্ত্ৰিক মূল্যবোধৰ পৰিপন্থী।

Related Articles