মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনাঃ উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত হামলাকুৰত আজি দুপৰীয়াৰ ভাগত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। লোহাৰকাঠা-আৰিকুছি সংযোগী লোকনিৰ্মাণ বিভাগৰ পথত সংঘটিত ভয়াবহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় দুজনকৈ সুঠাম যুৱক ৷ প্ৰাপ্ত খবৰ মতে দিনৰ ১২.৩০ মান বজাত উক্ত পথৰে লোহাৰকাঠা দিশৰ পৰা আৰিকুছি দিশে গৈ থকা এখন ইটাভৰ্তি ট্ৰাক পথচোৱাৰ হামলাকুৰত এখন মটৰ চাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হয় ৷ ফলত মটৰ চাইকেলখনৰ চালকসহ দুগৰাকী আৰোহী বহু দূৰলৈ ছিটিকি গৈ দুজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয় ৷ নিহত যুৱক দুজন মুকালমুৱা থানাৰ অন্তৰ্গত বালিকুছি গাঁৱৰ আছিক আলী(১৭) আৰু ইনজামুল হক(১৯) বুলি জানিব পৰা গৈছে। আনহাতে, আহত যুৱকজন হৈছে একেখন গাঁৱৰে শ্বাহ আলম(১৯) বুলি জানিব পৰা গৈছে৷ আহত শ্বাহ আলমক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

নিহত আছিক আলীয়ে এইবেলি হামালাকুৰ বালিকুছি চকিৰঘাট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ইনজামুল হ’ক নামৰ যুৱকজনে মুকালমুৱাৰ নাৰায়নপুৰস্থিত বৰক্ষেত্ৰী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত ইটাভৰ্তি ট্ৰাকখনৰ নম্বৰ এ.এছ-১২ ই- ৪৭৮৮ আৰু মটৰ চাইকেলখনৰ (বুলেট)নম্বৰ এ.এছ-০১ডি.জে-০৭৪১ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ৷ সীমামূৰীয়া গাঁওখনৰ দুগৰাকীকৈ সুঠাম যুৱকে থিতাতে প্ৰাণ হেৰুৱাত উত্তেজিত লোকে ইটাভৰ্তি ট্ৰাকখন জ্বলাই দি ৰাজপথ অৱৰোধ কৰে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা থানা, দৌলাশাল আৰক্ষী চকী আৰু আদাবাৰী পহৰা চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

ঘটনাস্থলীত মুকালমুৱাস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ট্ৰাকখনৰ জুই নিৰ্বাপন কৰে। ঘটনাস্থলীত নলবাৰীৰ অতিৰিক্ত আয়ুক্ত তথা বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া,কাৰ্যবাহী দণ্ডাধীশ কৌস্তৱ ৰয় আৰু নলবাৰীৰ সদৰ উপ আৰক্ষী অধীক্ষক মন্টু তালুকদাৰ উপস্থিত হৈ ৰাজপথৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তোৰ পৰীক্ষাৰ বাবে নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পবিত্ৰ ৰমজান মাহতেই বালিকুছি গাওঁৰ উঠি অহা যুৱকদ্বয়ৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Related Articles