আজি ফল্গু উৎসৱঃ আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন…

আজি ৰঙৰ উৎসৱ ফাকুৱা।

আবিৰৰ ৰঙেৰে ৰঙীণ হওক সকলোৰে মন।

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যজুৰি উছাহ।

আবিৰৰ পৰশেৰে ৰঙীন ৰাজ্যৰ চৌদিশ।

ৰঙৰ উৎসৱ হোলীৰ উপলক্ষে পুৱাই ভক্তৰ ভিৰ হৈছে ঢকুৱাখনাৰ ঐতিহাসিক বাসুদেৱ থান নৰোৱা সত্ৰত।

ৰজাদিনীয়া সত্ৰখনত কালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ।

কালি প্ৰথমদিনাৰ নিশাৰ ভাগলৈ অধিবাস,অস্থায়ী বেদীত মহাপ্রভু স্থাপন আৰু মেঘদাহেৰে দৌলযাত্ৰাৰ যথাবিহিত পূজা কৰা হয়।

ইয়াৰ পিছতে নিশালৈ দিহা নাম, সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

ইফালে আজি দ্বিতীয় দিনা দিনৰ ভাগত-“দক্ষ যজ্ঞ” ভাওনা, নাম প্ৰসংগ,আৰু ভাগৱত পাঠৰ লগতে হোলীগীতৰ অনুষ্ঠান আয়োজিত হ’ব।

মহাপ্ৰভু বাসুদেৱৰ চৰণত আৰ্শীবাদ বিচাৰি হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থীয়ে ভীৰ কৰিবহি আজি।

অন্যহাতে মহাপ্রভুৰ ওচৰত ফাকুৱা গীত পৰিৱেশন, সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ “যযাতিৰ মুক্তি লাভ” নামৰ ভাওনাও প্ৰদৰ্শন হ’ব আজি।

Related Articles