ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ

 মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে ,বুধবাৰে দিনটোত ৰঙিয়া চহৰৰ হৰদত্ত বিৰদত্ত ভৱনৰ সমীপত আৰক্ষীয়ে মাক্স পৰিধান নকৰা ব্যক্তি সকলৰ পৰা ১ হাজাৰ টকাকৈ ফাইন লয় । সংবাদ মাধ্যমক জনোৱামতে অনাগত দিনত নিয়মনমনা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জনাই ৰঙিয়া থানাৰ বিষয়া বুদ্ধিৰাম মোক্তিয়াৰে ।উল্লেখযোগ্য যে ৰঙিয়াত প্ৰতিদিনেই কʼভিদ ৰোগী ধৰাত পৰি আছে ,ইতিমধ্যেই ইয়াৰ সংখ্য এশ পাৰ কৰিছে,বুধবাৰৰ দিনটোতো পৰীক্ষাৰ অন্তত মুঠ ৫৪ জন ব্যক্তিৰ ভিতৰত ১৯ জনৰ দেহতেই ধৰা পৰে কʼভিদৰ উপস্থিতি । এনেহেন পৰিস্থিতিত একাংশ অসচেতন ব্যক্তিৰ বাবে সমাজলৈ বিপদ নামী অহাটো নিশ্চিত ।

Related Articles