সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা ভেকচিন কেন্দ্ৰ সমুহত ক’ৰনাৰ কভিডশ্বিল ভেকচিনৰ ক্ষেত্ৰত প্ৰথমটো পালি লোৱাৰ ৪২ দিন পিছত হে দ্বিতীয় পালি ল’ব পাৰিব বুলি ইতিমধ্যে নতুনকৈ নীতি নিৰ্দেশনা জাৰি কৰিছে ৷নতুন নীতি নিৰ্দেশনা অনুসৰি দ্বিতীয় পালিৰ বাবে অহা লোক সকলৰ ৪২ দিন সম্পূৰ্ণ নহলে COWIN পৰ্টেলত System ত Upload নলয় বুলি জানিব পৰা গৈছে ৷গতিক, কভিডশ্বিলৰ ক্ষেত্ৰত ৪২ দিন সম্পূৰ্ণ কৰা সকলকহে দ্বিতীয় পালি ভেকচিন প্ৰদান কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে ৷এই দৰে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত থকা ওৰাং কভিড ১৯ভেকচিনিনেশ্যন কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী বিপ্লৱ জ্যোতি ডেকা,গজেন চন্দ্ৰ বড়োনীতা দেৱী এই বিষয়ে জানিবলৈ দিছে ৷ কভিড ১৯ৰ প্ৰথম পালি ভেকচিন লৈ দ্বিতীয় পালি ভেকচিনৰ বাবে ৩০ দিনতে লবলৈ আহি স্বাস্থ্য কৰ্মী সকলক শ শ লোকে অযথা হাৰাশাস্তি,জ্বলাকলা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷আনকি একাংশ লোকে সাংবাদিককো ৩০দিনৰো ভেকচিন নিদিয়ে বুলি অভিযোগ দাখিল কৰিছে ৷ইতিমধ্যে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ কভিড ১৯ভেকনিনেশ্যন কেন্দ্ৰ সমুহত ১৮ৰ পৰা ৪৪ বছৰলৈ ৩৫০গৰাকীক আৰু ৪৫ বছৰৰ উৰ্দ্ধলৈ ১০হেজাৰৰো অধিক কভিড ভেকশ্বিন দিয়া হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷

