আহোম জনগোষ্ঠীটোৰ কাৰণে পূৰ্বৰ চৰকাৰে কোনো কাম কৰা নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আহোম জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছে। সেয়েহে তেওঁক আমি আদৰণি জনাইছোঁ: আটাছুৰ সভাপতি মিলন বৰগোহাঁই আমি আশাবাদী যে এইখন চৰকাৰে পৰৱৰ্তী সময়ত আহোমৰ দাবীসমূহ সফলতাৰে পুৰণ কৰিব : মিলন বৰগোহাঁই
মহানগৰীৰ Novotel হোটেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰায় ২২টা সংগঠনৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত আটাছুৰ সভাপতি মিলন বৰগোহাঁই, আহোম সভা, টাইপা, আহোম সেনা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, ফুৰালুং সংঘ, আহোম জাতীয় গণ মঞ্চ, বিভিন্ন বংশাৱলী আদিৰ নেতৃবৃন্দ উপস্থিত আছিল। বৈঠকত আহোম জনগোষ্ঠীৰ বিভিন্ন দাবী-দাওয়া আলোচনা কৰা হয়। আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ মূল দাবী লৈ আটাছুৰ সভাপতি মিলন বৰগোহাঁইয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে দিছে। বিগত চৰকাৰে দাবীসমূহ গুৰুত্ব দিয়া নাছিল যদিও বৰ্তমান চৰকাৰে ৰংঘৰ সংৰক্ষণসহ বহু দাবী পূৰণ কৰিছে।
আহোম জনগোষ্ঠীটোৰ কাৰণে পূৰ্বৰ চৰকাৰে কোনো কাম কৰা নাছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আহোম জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছে সেয়েহে তেওঁক আমি আদৰণি জনাইছোঁ। আমি আশাবাদী যে এইখন চৰকাৰে পৰৱৰ্তী সময়ত আহোমৰ দাবীসমূহ সফলতাৰে পুৰণ কৰিব। লগতে এই বৈঠকৰ অন্ততঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰি কয় যে, আহোম জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে আজি বৈঠকত মিলিত হৈছোঁ। নিৰ্বাচন বিধি বলবৎ হোৱাৰ বাবে মোৰ আৱাসত বৈঠক কৰা নাই। অনানুষ্ঠানিক ভাৱে বৈঠক কৰিছোঁ, চৰকাৰী কোনো কথা আলোচনা হোৱা নাই। অসমত বিগত ৫ বছৰত আইন শৃংখলা পৰিস্থিতি উন্নতি হৈছে। সেই বাবে নিৰ্বাচনী আয়োগে এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। নিৰ্বাচন পৰিচালনা কৰাৰ বাবে নিৰ্বাচন আয়োগ আৰু প্ৰশাসনে আলোচনাত বহিব। ফলাফল কেনকুৱা হ’ব নকওঁ কিন্তু ১০৩ খন আসনত আমি ভালকৈ প্ৰতিদ্বন্দিতা কৰিম। কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ সন্দৰ্ভত কথা নকওঁ। আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ নাৰাখোঁ। মোৰ ভৱিষ্যত বাণীত মই অটল আছোঁ। অগপ দলক কিমান আসন দিব পাৰিম স্পষ্টকৈ কোৱা হৈছে। কিবা আসোঁৱাহ থাকিলে যুক্তিসহ অমিত শ্বাহ ডাঙৰীয়ালৈ পঠাবলৈ কোৱা হৈছে। সংসদীয় বোৰ্ডত এই সন্দৰ্ভত আলোচনা কৰা হ’ব। এটা ৰাজনৈতিক দলে নিজৰ ভেটি চাই নিৰ্বাচন খেলিব লাগে। নহ’লে কংগ্ৰেছক সহায় কৰা হ’ব। বিজেপি, অগপ এ কিমান পালে হিচাপ কৰি লাভ নাই। হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে NDA হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে।

