ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ ৰৌতা, মেৰাবিল , গৰৈমাৰী ঠাইৰ লগতে জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বহিঃৰাজ্যত ব্যক্তিগত প্ৰতিষ্ঠান, শ্বপিং মল , চকীদাৰ ইত্যাদি নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ পৰিয়ালক পোহ পালন দি অহা বেছিভাগ যুৱক সকলে বিগত বৰ্ষত ক’ভিড ১৯ ৰ আতংকৰ বাবে নিজ ৰাজ্যলৈ উভতি আহে৷ যুৱক সকলে ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন লৈ আত্মনিৰ্ভৰশীল,হোৱাৰ আশাৰে অঞ্চলটোৰ বহুতো শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে ৰাজ্যৰ ভিতৰতে ওদালগুৰি জিলা খনত বৰ্তমান সৰ্বাধিক উৎপাদন হবলৈ ধৰা তৰমুজ খেতি কৰে বহিঃৰাজ্যৰ পৰা কষ্টেৰে সঞ্চয় কৰি ৰখা ধন ব্যয় কৰি৷ অইন খেতয়কৰ আৰ্হিৰে তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি শ শ বিঘা মাটিত তৰমুজ খেতি লগাই উৎপাদন কৰিছে৷ কিন্তু পৰিতাপৰ বিষয় যে উৎপাদিত তৰমুজ ক্ৰেতাৰ অভাৱত বজাৰত বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ কপালৰ ঘাম মাটিত পৰিছে । আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকৰ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি ব্যাপক হাৰত তৰমুজ উৎপাদন কৰিছে যদিও অৱশেষত এতিয়া সঠিক বজাৰ নোপোৱাৰ বাবে চিন্তিত হৈ পৰিছে কৃষক সকল৷এতিয়া প্ৰতিকেজি ৩টকাত দিব লগীয়া হোৱাত কৃষক সকলে মূৰে কপালে হাত দি বহি থাকিব লগা হৈছে উচিত মুল্য নাপাই লোকচানৰ সন্মুখীন হৈ চৰম হতাশা আৰু নিৰাশাত ভুগিব লগীয়া কৃষক সকলে এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি মন্ত্ৰীৰ লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায়৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…
- উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত বিশিষ্ট আইনজ্ঞ কপিল ছিবাল…
- প্ৰাক্তন শিক্ষামন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বড়োৰ দেহাৱসান…
- সীতামাঢ়ীত দেৱী সীতাৰ মন্দিৰ নিৰ্মাণ কৰিব বিজেপিয়ে, বিহাৰৰ মেগা ৰেলীত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি…
- গাখীৰ চাহ নাখাব! চাহ আৰু কফি সেৱনৰ বাবে দিলে নতুন নিৰ্দেশনা…
- অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে
- বিহু পতাক কেন্দ্ৰ কৰি দৰঙৰ বামুনঝাৰত সংঘাট , প্ৰশাসনৰ মধ্যস্থতাত সংঘাটৰ অৱসান
- দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ, লোক নিৰ্মান বিভাগে আঁতৰালে যমদুত ৰুপী পুল