সোমবাৰে অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ৷ ৰাজ্যৰ ১২৬টা সমষ্টিৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক প্ৰৱেশ প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ৰাজ্যৰ বিভিন্ন সমষ্টিত পুষ্পবৃষ্টি-সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজৰে বহু প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে৷ নিৰ্বাচন আয়োগৰ শেহতীয়া সূত্ৰ মতে অসমৰ ১২৬টা সমষ্টিত এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে আজি অন্তিম দিন পৰ্যন্ত সৰ্বমুঠ ৮১৮ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে আৰু দাখিল হোৱা মুঠ মনোনয়ন-পত্ৰৰ সংখ্যা ১৩৯১৷ অহা জ্ঝ এপ্ৰিলত অসমত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ ইয়াৰ মাজতে দলসমূহৰ ৰাজনৈতিককাৰ্যকলাপ এতিয়া তুংগত উঠিছে৷
২৪ মাৰ্চত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ চ্ছ মাৰ্চ৷ তামিলনাডু, পশ্চিমবংগ, কেৰালা আৰু পুডুচেৰীৰ লগতে অসমৰ ভোট গণনা চ্ছ্ৰ মে’ত অনুষ্ঠিত হ’ব৷ উল্লেখ্য, ১২৬জনীয়া অসম বিধানসভাৰ কাৰ্যকাল অন্ত পৰিব ২০ মে’ত৷ ইফালে আন ৰাজ্যতো নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে৷ ২৩ এপ্ৰিলত তামিলনাডুত ভোটদান আৰু ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত দুটা পৰ্যায়ত ভোটদান অনুষ্ঠিত হ’ব৷ তামিলনাডু বিধানসভা আৰু পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৩০ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব আৰু পশ্চিম বংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ২ এপ্ৰিলত জাৰি কৰা হ’ব অধিসূচনা৷ নিৰ্বাচনী প্ৰক্ৰিয়াই চূড়ান্ত পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে অসমৰ ৰাজনৈতিক দলসমূহে এতিয়া তীব্ৰ প্ৰচাৰৰ বাবে সাজু হৈছে৷ এইবেলি অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ জ্ঝ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ৷
১৬ মাৰ্চত জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা৷ মনোনয়নৰ অন্তিম দিন ২৩ মাৰ্চ৷ মনোনয়নৰ পুননিৰীক্ষণৰ তাৰিখ ২৪ মাৰ্চ, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন চ্ছ মাৰ্চ৷ চ্ছ্ৰ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা৷ ৬ মে’ৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব সকলো নিৰ্বাচনী কাম৷ এইবাৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে মুঠ ৩১,৪৮৬টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব৷ ইয়াৰ ভিতৰত গাঁও অঞ্চলত থাকিব ২৭,৭১১টা ভোটকেন্দ্ৰ আৰু নগৰাঞ্চলত থাকিব ৩,৭১৫টা ভোটকেন্দ্ৰ৷ এইবাৰ ৰাজ্যত ৩,৭১৬টা ভোটকেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব৷
তদুপৰি, ভোটাৰসকলৰ সুবিধাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰতে উন্নত ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ কোনো এটা ভোটকেন্দ্ৰতে ৰ,২০০গৰাকীতকৈ অধিক ভোটাৰ নাথাকিব বুলি আয়োগে নিশ্চিত কৰিছে৷ প্ৰথমবাৰৰ বাবে ইভিএমত প্ৰাৰ্থীৰ ৰঙীণ ফটো সংযুক্ত কৰা হ’ব, যাৰ ফলত ভোটাৰসকলে প্ৰাৰ্থীক সহজে চিনাক্ত কৰিব পাৰে৷ প্ৰতিটো ভোটকেন্দ্ৰত ১০০ শতাংশ ৱেব কাষ্টিং ব্যৱস্থা থাকিব৷ আনহাতে, ভোটকেন্দ্ৰৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে আৰু ভোটাৰসকলে নিজৰ মোবাইল ফোন কেন্দ্ৰৰ বাহিৰত থৈহে ভোট দিব লাগিব৷ ইয়াৰ উপৰি, নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য ভোটাৰসকলে লাভ কৰিব ইচিনেট নামৰ বিশেষ এপ’ৰ জৰিয়তে৷ এই এপটোত নিৰ্বাচনৰ সময়সূচী, ভোটকেন্দ্ৰৰ তথ্য আৰু অন্যান্য প্ৰয়োজনীয় দিশসমূহ উপলভ্য থাকিব৷

