‘ভুৱা টিআৰপি’ প্ৰকাশৰ দিন উকলিল৷ কাৰণ এতিয়াৰে পৰা টিভি ৰেটিং নিৰীক্ষণৰ দায়িত্ব নিজৰ হাতলৈ নিলে কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ প্ৰায় ৩৬,০০০ কোটিটকীয়া দূৰদৰ্শন বিজ্ঞাপন উদ্যোগৰ মূল আধাৰস্বৰূপ ‘টিভি ৰেটিং’ বা টিআৰপি ব্যৱস্থাৰ ওপৰত এতিয়াৰে পৰা সম্পূৰ্ণ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ভাৰতীয় দূৰসংযোগ নিয়ন্ত্ৰণ কতৃৰ্পক্ষক এই ৰেটিং নিৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই পেলাইছে৷ ইয়াৰ ফলত এতিয়াৰে পৰা দূৰদৰ্শনৰ ৰেটিং সংস্থাসমূহে দৰ্শকৰ পছন্দ আৰু অভ্যাস কেনেদৰে নিৰ্ধাৰণ কৰিব, সেই সম্পৰ্কীয় সকলো নীতি-নিয়ম কেৱল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়েহে গ্ৰহণ কৰিব৷ উল্লেখ্য যে, ২০১২ চনত তদানীন্তন চৰকাৰৰ কাৰ্যকালত নীতিগত সালসলনি ঘটাই ট্ৰাইক দূৰদৰ্শনৰ ৰেটিং নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷
মূলতঃ দূৰসংযোগ খণ্ডৰ নিয়ন্ত্ৰক হিচাপে কাম কৰা ট্ৰায়ে পৰৱৰ্তী সময়ত সম্প্ৰচাৰ নিয়ন্ত্ৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ চোৱাচিতা কৰিছিল৷ শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চৰকাৰৰ নতুন নীতি-নিৰ্দেশনাত ট্ৰাইৰ নিৰীক্ষণৰ কথা উল্লেখ কৰা হোৱা নাই, যাৰ ফলস্বৰূপে এই ক্ষমতা এতিয়া একচেটিয়াভাৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ হাতলৈ গৈছে৷ অৱশ্যে, চেনেলৰ মাচুল, বিজ্ঞাপনৰ সময়সীমা, বিতৰণৰ নিয়ম আৰু সেৱাৰ মানৰ দৰে সম্প্ৰচাৰ নিয়ন্ত্ৰণৰ আন আন দিশবোৰ এতিয়াও ট্ৰাইৰ অধীনতেই বাহাল থাকিব৷ দূৰদৰ্শনৰ ৰেটিং বা টিআৰপিয়ে নিৰ্ধাৰণ কৰে যে বিজ্ঞাপনদাতাসকলে কোনটো চেনেল বা অনুষ্ঠানত তেওঁলোকৰ ধন বিনিয়োগ কৰিব৷ সেয়েহে, এই গুৰুত্বপূৰ্ণ ব্যৱস্থাটোৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ বৃদ্ধি পোৱাক লৈ বিভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
এই সন্দৰ্ভত ট্ৰাইৰ প্ৰাক্তন প্ৰধান উপদেষ্টা সত্য এন গুপ্তাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে যে চৰকাৰৰ হাতত ক্ষমতা থাকিলেও, নীতিৰ সৈতে নিয়ন্ত্ৰণ ব্যৱস্থাক একত্ৰিত কৰা আৰু নিৰীক্ষণ প্ৰক্ৰিয়াৰ পৰা এক স্বতন্ত্ৰ সংস্থাক আঁতৰাই পেলোৱাটো এক পশ্চাদগামী পদক্ষেপ৷ লক্ষণীয়ভাৱে বিগত কেইবা বছৰ ধৰি ভাৰতত দূৰদৰ্শনৰ ৰেটিং আৰু ইয়াৰ লগত জড়িত সংস্থাসমূহ ব্যাপক বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ বিশেষকৈ ‘বাৰ্ক’ বিতৰ্কৰ পিছত ৰেটিং সংস্থাসমূহৰ বিশ্বাসযোগ্যতাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল৷ আনকি ভুৱা ৰেটিং প্ৰস্তুত কৰাৰ অভিযোগত প্ৰথমবাৰৰ বাবে ৰেটিং সংস্থাৰ বিষয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল৷

