গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলত চাঞ্চল্যকৰ ঘটনাঃ মৃত্যু এজন যুৱকৰ…

গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলত চাঞ্চল্যকৰ ঘটনা।

সপ্তম মহলাৰ পৰা চতুৰ্থ মহলাত পৰিল এজন যুৱক।

চিকিৎসালয়ত মৃত্যু সোণাপুৰৰ সিদ্ধান্ত দাস নামৰ যুৱকজনৰ।

শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।

এটা পাৰ্টিৰ বাবে ৰুদ্ৰাক্ষ মললৈ পত্নীসহ গৈছিল সিদ্ধান্ত দাস।

পৰৱৰ্তী পৰ্যায়ত পত্নীক সোণাপুৰৰ বাসগৃহত থৈ পুনৰ পাৰ্টিলৈ গৈছিল যুৱকজন।

আজি পুৱাৰ ভাগত চতুৰ্থ মহলাত সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱকজনৰ প্ৰেৰণ কৰা হৈছিল GMCHলৈ।

প্ৰায় এমাহ পূৰ্বে বিবাহ সম্পন্ন হোৱা যুৱকজনৰ অকাল মৃত্যুত গৃহত কান্দোনৰ ৰোল।

Related Articles