হাজোত অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে নৱাগত আদৰণি সভা

বৃহত্ত্বৰ কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিদ্যাৰ্থী ন্যাসৰ সৌজ্যনত ২০২৬ বৰ্ষৰ সম্বৰ্ধনা অনুষ্ঠান আৰু নৱাগত আদৰণি সভাখনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’য়।সেই অনুসৰি পুৱা পৰিবেশ নিকাকৰণ,আসন গ্ৰহণ,মুকলি সভা,অতিথি বৰণ,আৰম্ভণি গীত,সভাৰ উদ্দেশ্য বাখ্যা ,আদৰণি ভাষণ আগবঢ়ায় স্কুল পৰিচালনা সমিতিৰ সঞ্চালক ড° জিতেন্দ্ৰ ডেকাই।সমান্তৰালভাৱে নৱাগত সকলৰ আদৰণি,নৱাগত আদৰণি ভাষন,সংগীতানুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে মুকলি সভাখনিওঁ অনুষ্ঠিত হ’য়।মুকলি সভাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাস,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু যোগাযোগ প্ৰযুক্তি বিভাগৰ সহযোগী অধ্যাপক ড° কুমাৰেশ শৰ্মা,বিশিষ্ট কবি- সাহিত্যিক কিচিন দাস,গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক অমৰেন্দ্ৰ ডেকা সহিতে প্ৰায়সংখ্যক বিশিষ্ট লোক,শিক্ষক শিক্ষয়ত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে।


তদুপৰি বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত এক নতুন পাঠ্যক্ৰম “ইলেক্ট্ৰনিচ এণ্ড কমিউনিকেশ্বন হাৰ্ডওৱেৰ” নৱসংযোজনৰ সণ্ণিবিষ্ট কৰা দিশতো আজিৰ সভাতেই আলোকপাত কৰা হ’য়।আনহাতে আজিৰ সভাতে ২০২৬ বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে নৱাগত ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হ’য়।উল্লেখ্য যে ২০১৭ চনতে স্থাপিত বিদ্যাৰ্থী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখনে জন্মলগ্নৰে পৰাই এক আশানুৰূপ ফলাফলৰ উত্তীৰ্ণৰে প্ৰতিবছৰে এক অনবদ্য সাফল্যৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।

Related Articles