ধুবুৰীত ছিণ্ডিকেটকে ধৰি কোনোধৰণৰ অবৈধ কাৰ্যকলাপ চলিবলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে উপায়ুক্ত অন্বামুথন এম পিয়ে। সংবাদমেল পাতি উপায়ুক্তগৰাকীয়ে কয় যে ছিণ্ডিকেটৰ সঠিক তদন্তৰ বাবে সকলো বিভাগক সাঙুৰি টাস্কফোৰ্চ গঠন কৰা হ’ব বুলিও ঘোষণা কৰে উপায়ুক্তগৰাকীয়ে।ধুবুৰীত কোভিড পৰিস্থিতি সম্পৰ্কে এক সংবাদমেত আয়োজন কৰে উপায়ুক্তগৰাকীয়ে। তেওঁ কয় যে আগন্তুক এক-ডেৰ মাহৰ ভিতৰত ধুবুৰীত আৰ টি পি চি আৰ পৰীক্ষাৰ লেবৰেটৰী কাৰ্যক্ষম হৈ উঠিব ৷ জিলা ঔষধ পণ্যাগাৰৰ ওপৰ মহলাত লেবৰেটৰীটোৰ নিৰ্মাণ কাৰ্য চলি আছে৷আগন্তুক ছমাহৰ ভিতৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে ধুবুৰীত বৰ্তমান প্ৰতিষেধকৰ কোনো নাটনি নাই আৰু প্ৰতিষেধক প্ৰদান কাৰ্য সুচাৰুৰূপে চলি আছে ৷ ধুবুৰীত থকা তিনিখন চাহ বাগিচাৰ শ্ৰমিকক অনলাইন পঞ্জীয়ন নকৰাকৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰা বুলি উপায়ুক্তগৰাকীয়ে সদৰি কৰে৷ ধুবুৰী জিলাৰ অসমাৰিক চিকিৎসালয়ৰ ড্ৰেন আৰু চিকিৎসালয়ত থকা কোঠালী সমুহত লেতেৰা অৱস্থা হৈ থকাৰ বাবে অতি শীঘ্ৰেই পৰিষ্কাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মেলত উল্লেখ কৰিলে জিলা খনৰ নৱ নিযুক্ত উপায়ুক্ত অনবামুথান এম পি এয়ে ।

