শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি অনিয়ম সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী চক্ৰটোৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ হাটিঙা অমৰাকচা নিৱাসী প্ৰণৱ জ্যোতি ভূঞাঁ নামৰ নিবনুৱা যুৱক জনৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত নগদ পঁছিশ হেজাৰ টকা উৎকোষ লয় যোৱা বৰ্ষৰ ডিচেম্বৰত ৷ জামুগুৰি ইউকো বেংকত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে প্ৰণৱক এক লাখ নব্বৈ হেজাৰ টকা বেংকৰ পৰা ঋণ দিয়াৰ চুক্তিৰে উকা দলিলত চহীও কৰাই লয় ৷ সেই অনুসৰি প্ৰণৱৰ সকলো নথি পত্ৰ এই গৰাকী গৌতম চাহাই হাত কৰি লয় ৷ পৰবৰ্ত্তী সময়ত ঋণ বিছাৰি গৌতম চাহাৰ ওচৰলৈ প্ৰণৱে বাটকুৰি বাই থাকে যদিও আজিকোপতি ঋণ লাভ নকৰিলে ৷ শেষত প্ৰণৱে জমা দিয়া নথি পত্ৰ সমুহ হেৰাল বুলি কৈ গৌতম চাহা পলাবলৈ ললে ৷ উপায়ন্তৰ হৈ প্ৰণৱে জামুগুৰি আৰক্ষী থানাত গৌতম চাহাৰ ঠগ-প্ৰৱঞ্চঁনাৰ বিৰুদ্ধে যোৱা ৩১ মেত এখন এজাহাৰ দাখিল কৰে ৷ প্ৰণৱ জ্যোতি ভূঞাঁই জানিবলৈ দিয়ামতে গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে জামুগৰি অঞ্চলৰ বহুতো নিবনুৱাৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷ বেংকৰ পৰা ঋণলৈ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱে এতিয়া আৰক্ষীৰ পদক্ষেপলৈ বাট চাইছে ৷ চাকৰী মনোবৃত্তি ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণব জ্যোতি ভূঞাঁৰ দৰে যুৱকক উচিত ন্যায় প্ৰদানৰ বাৱেও জামুগুৰি আৰক্ষীক অঞ্চলটোৰ সচেতন মহলে দাৱী জনাইছে ৷ আনহাতে গ্ৰাহক ৰাইজক দূব্যৱহাৰ কৰি অহা বেংকটোৰ বিষয়া কৰ্মচাৰী সকলকো নাকী লগাবলৈ উৰ্দ্ধতন কতৃপক্ষক দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শোৱাৰ সময়ত এই সমূহ বস্তু ৰাখক মূৰৰ ওচৰত! দেখিব আপোনাৰ ভাগ্য ফুলিব…
- আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক শেষ শ্ৰদ্ধা জ্ঞাপন…
- বৰপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক…
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…