নলবাৰী জিলাত আজি উপস্থিত হ’ল ৰাজ্য খনৰ আৰক্ষী বিভাগৰ এডিজিপি জি পি সিঙ । কালি নলবাৰী আৰক্ষী আৰু ডকাইতৰ এটি দলৰ মাজত সংঘটিত হোৱা গুলীচালনাত ডকাইত কেইগৰাকী গুলীবিদ্ধ হোৱা ঘটনা সন্দৰ্ভত বুজ ল’বলৈ নলবাৰীত উপস্থিত হ’ল অসম আৰক্ষী বিভাগৰ উচ্চ পৰ্যায়ৰ এই বিষয়া গৰাকী । তদুপৰি জি পি সিঙে নলবাৰী সদৰ থানাত উপস্থিত হৈ নলবাৰী আৰক্ষীৰ এই দুঃসাহসিক কাৰ্যৰ শলাগ লয় আৰু প্ৰশংসা কৰে । নলবাৰীত উপস্থিত হৈ ডকাইতৰ দলটোৰ লগত চলোৱা উক্ত দুঃসাহসিক অভিযানত থকা নলবাৰী আৰক্ষী সকলক পুৰস্কৃত কৰে জিপি সিঙে । আনহাতে বিষয়া গৰাকীয়ে নগদ ধনৰে পুৰস্কৃত কৰে অভিযানত থকা আটাইকেইজন নলবাৰী আৰক্ষীৰ কনিষ্টবলক । সমান্তৰাল ভাৱে এই অভিযানত নেতৃত্ব দিয়া আটাইকেইজন নলবাৰীৰ আৰক্ষী বিষয়াক সাহসিকতাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে এডিজিপি জিপি সিঙে।

